নগাঁও : নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। নগাঁও আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল আৰু কফ চিৰাপ। এই নিচাজাতীয় কেপচুল আৰু কফ চিৰাপখিনি নিবলৈ আৰক্ষীক লাগিল ট্ৰাক।
দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ নিশা নগাঁও আৰক্ষীয়ে চলালে এক ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানকালত নগাঁও আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য। জিলাখনৰ দুটাকৈ স্থানত অভিযান চলাই নগাঁও আৰক্ষীয়ে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
নগাঁও জিলাৰ আৰক্ষীৰ দল এটাই প্ৰথমে ৰহাৰ ধূপগুৰিত অভিযান চলাই বাহাৰুল ইছলাম নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। বাহাৰুল ইছলামৰ কবলৰ পৰা আৰক্ষীয়ে ৫৩২৮ টা নিচাজাতীয় কেপচুল আৰু ১৩৬০ টা কফ চিৰাপৰ বটল জব্দ কৰে। ইয়াৰ পিছত চলে আৰক্ষীৰ দ্বিতীয়টো অভিযান।
লগতে পঢ়ক – অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ
আৰক্ষীয়ে দ্বিতীয়টো অভিযান চলায় ডিফলুত। ডিফলুৰ অম্লান জ্যোতি কলিতা নামৰ ড্ৰাগছ মাফিয়াজনৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩৪৬৩২০ টা নিচাজাতীয় কেপচুল আৰু ১৪৮৪০ টা কফ চিৰাপৰ বটল জব্দ কৰে। এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি আৰক্ষীয়ে ট্ৰাকত নিব লগত পৰে।