নিউজ ডেস্ক- আজি ঘোষণা হ’ল চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। চলিত বৰ্ষৰ শীৰ্ষ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তালিকাত শীৰ্ষত আছে নলবাৰী জিলা।

উল্লেখ্য যে, নলবাৰী জিলাৰ পৰা মুঠ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ পৰা দ্বিতীয় স্থানত উজলিল দুগৰাকীকৈ ছাত্ৰী। তেওঁলোক দুগৰাকী ক্ৰমে লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা। ৰাজ্যৰ ভিতৰতে ৫৯৩ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰি দুয়োগৰাকী ছাত্ৰীয়ে আনন্দ বিদ্যা নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ইয়াৰোপৰি লিটিল ফ্লাৱাৰ স্কুলৰ ৰশ্মিতা মহন্তই ষষ্ঠ, ৰাজদ্বীপ কলিতাই লুইত একাডেমী হাইস্কুলৰ পৰা অষ্টম, বিপাশা শৰ্মাই আসাম একাডেমীৰ পৰা নৱম, লিটিল ফ্লাৱাৰ স্কুলৰ পৰা ঋষিকেশ কলিতাই নৱম, প্ৰজ্ঞান শৰ্মাই বিবেকানন্দ বিদ্যা নিকেতনৰ পৰা দশম স্থান লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply