গুৱাহাটী : অসম এথলেটিকচ্ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা বৃহস্পতিবাৰে গুৱাহাটীস্থ ভিভান্টা বাই তাজ হোটেলত সফলতাৰে সামৰণি পৰে। অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আৰম্ভনিতে অসম এথলেটিকচ্ সন্থাৰ প্ৰাক্তন উপ-সভাপতি প্ৰয়াত ত্ৰৈলোক্য দুৱৰাৰ লগতে অকালতে মৃত্যুবৰন কৰা ৰাজ্যৰ ক্ৰীড়া সংগঠক সকললৈ সভাত উপস্থিত সকলোৱে সমবেদনা জ্ঞাপন কৰে।
অসম এথলেটিকচ্ সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যখনৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসলে অংশগ্ৰহন কৰা সভাত সভাপতি লক্ষ্য কোঁৱৰে আদৰণি ভাষণত ক’ভিডৰ ভয়াবহ সময়ছোৱাত এথলেটিকচৰ বাবে সহযোগিতা আগবঢ়োৱা ক্ৰীড়া সন্থাসমূহক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ২০০ মিঃ দৌৰত দেশৰ ভিতৰতে দ্ৰুততম মানৱ হিচাপে পৰিগণিত হোৱা অসমৰ অম্লান বৰগোঁহাই আগন্তুক এচিয়ান গেমছত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বুলি আশা ব্যক্ত কৰে।
ইপিনে উক্ত সভাৰ কাৰ্যসূচী অনুসৰি সন্থাৰ সম্পাদক অশোক কুমাৰ ভৰালীয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে সন্থাৰ কোষাধষ্য বাবুল খানে সন্থাৰ হিচাপ দাখিল কৰে। লগতে ২০২২-২০২৩ বৰ্ষৰ বাবে অসম এথলেটিকচ্ সন্থাই আগন্তুক ক্ৰীড়াৰ কাৰ্যসূচী হিচাপে চলিত বৰ্ষৰ জুলাই মাহৰ গ্ৰীষ্ম বন্ধত জিলা সমূহত এথলেটিকচৰ প্ৰশিক্ষণ শিবিৰ, অক্টোবৰ মাহত ৰাজ্যিক পৰ্যায়ৰ আৱাসিক প্ৰশিক্ষণ শিবিৰ, আন্তঃজিলা বিদ্যালয় এথলেটিকচ্ প্ৰতিযোগিতা, অলিম্পিক স্বৰ্ণজয়ী নিৰজ চোপ্ৰাৰ পদকপ্ৰাপ্ত দিনটোতেই প্ৰতিখন জিলাতেই জেভলিন থ্ৰ’ প্ৰতিযোগিতা লগতে নৱেম্বৰত মাহত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জুনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহনৰ লগতে সভাত উপস্থিত প্ৰতিনিধিসকলে উৎসাহিত হৈ প্ৰতিযোগিতাসমূহৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ লগতে অসম এথলেটিকছৰ প্ৰতিটো পদক্ষেপতে সহযোগিতাআগবঢ়োৱাৰ কথা উল্লেখ কৰে।
লগতে পঢ়ক – মৰিয়নীৰ চেলেংহাত আৰক্ষীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ
সন্থাৰ যুটীয়া সম্পাদক নিপন দাসে আঁত ধৰা সভাখনতেই মুম্বাই আৰু দিল্লীত অনুষ্ঠিত হৈ অহা মাৰাথান প্ৰতিযোগিতাৰ আৰ্হিৰে অসমতো পুৰুষ-মহিলা উভয়ৰে আন্তঃৰাষ্ট্ৰীয় মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সিদ্ধান্ত গ্ৰহনৰ কথা উল্লেখ কৰে সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে। সভাপতি লক্ষ্য কোঁৱৰৰ লগতে অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থাকি অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক কুমাৰ ভৰালী, সন্থাৰ জ্যেষ্ঠ উপ সভাপতি ঋতুবৰন শৰ্মাই প্ৰতিনিধি সকলক উদ্দেশ্যি বহু গঠনমূলক পৰামৰ্শ আগবঢ়াই।