কৰিমগঞ্জ : বানপানীৰ ফলত বিধ্বস্ত বৰাক উপত্যকা। এতিয়া বাঢ়নী পানীৰ তলত বৰাক উপত্যকা প্ৰধান চহৰ শিলচৰৰ বিস্তীৰ্ণ অঞ্চল। বানপানীৰ মাজতে বৰাক উপত্যকাত তাণ্ডৱৰ সৃষ্টি কৰিছে খহনীয়াই।

বৰাক উপত্যকাৰ কৰিমগঞ্জত এক ভয়ংকৰ খহনীয়াৰ ঘটনা সংঘটিত হৈছে। কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ খহনীয়াৰ কবলত পৰিছে। ৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ৫০ মিটাৰ পথ খহি পৰাত পথটোৰে যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে।

লগতে পঢ়ক –  Assam Flood: ২৫ খনকৈ জিলাৰ ২৯ লাখ ৮০ হাজাৰ ৪৯৩ জন লোক বানপানীৰ ফলত প্ৰভাৱিত

ৰাষ্ট্ৰীয় ঘাইপথটো খহি যোৱাৰ ফলত পথটোৰে যানবাহন চলাচলৰ বাবে বন্ধ হৈ পৰিছে। কৰিমগঞ্জৰ ত্ৰিপুৰালৈ যান বাহন চলাচল বন্ধ হৈ পৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহু বাহন আৱদ্ধ হৈ পৰিছে। জিলা প্ৰশাসনে বাবা হোটেলৰ পৰা কৰিমগঞ্জ চহৰহৈ পাওমাৰালৈ বিকল্প পথ ল’বলৈ পৰামৰ্শ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply