নিউজ ডেস্ক- অমিতাভ বচ্চনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল। কোভিড ১৯ৰ কলাৰ টিউনৰ পৰা অমিতাভ বচ্চনৰ কন্ঠ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। ভাৰত চৰকাৰে অমিতাভ বচ্চনৰ কন্ঠত কৰোণা সজাগতাৰ কলাৰ টিউন প্ৰচাৰিত কৰিছিল। এতিয়াৰে পৰা আপোনালোকে শুনিবলৈ নাপাব অমিতাভ বচ্চনৰ কন্ঠ।
কাৰণ বহুতৰ বাবে এতিয়া এই কলাৰ টিউন হৈ পৰিছে মূৰৰ কামোৰণি। যেতিয়াৰে পৰা লাহে লাহে কৰোণাৰ সংক্ৰমণ কম হৈ আহিছে এই কলাৰ টিউনো দেশবাসীৰ বাবে অতিষ্ঠ হৈ পৰিছে।
আবেদন খনৰ জৰিয়তে অমিতাভ বচ্চনৰ কন্ঠ আঁতৰাবলৈ অনুৰোধ কৰা হৈছে। পিছে উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কি ৰায়দান প্ৰদান কৰিব সেয়া সময়তহে নিশ্চিত হ’ব পৰা যাব।