অসম মিজোৰাম সীমান্তত দুৰ্বৃত্তক দেখিলেই গুলী কৰাৰ নিৰ্দেশ Credit: অসম-মিজোৰাম পৰিস্থিতি সন্দৰ্ভত অসম জাতীয় পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে

হাইলাকান্দি – হাইলাকান্দিত অসম-মিজোৰাম সীমান্তত অব্যাহত আছে উত্তেজনা। সীমান্তৰ পৰিস্থিতি অধিক অৱনতি ঘটাত অঞ্চলটো পৰিদৰ্শন কৰিলে দক্ষিণ অসম প্ৰান্তৰ ডি আই জি দিলীপ কুমাৰ দেই। সীমান্তত দুৰ্বৃত্তক দেখিলেই গুলী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে দক্ষিণ অসম প্ৰান্তৰ ডি আই জি দিলীপ কুমাৰ দেই।

দক্ষিণ অসম প্ৰান্তৰ ডি আই জি দিলীপ কুমাৰ দেই লগতে জানিবলৈ দিয়ে যে আৰক্ষীয়ে ইতিমধ্যে দুৰ্বৃত্তৰ সন্ধানত অসম-মিজোৰাম সীমান্তত তদন্ত আৰম্ভ কৰিছে। সীমান্তৰ অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে বুলিও অঞ্চল পৰিদৰ্শন কৰি দিলীপ কুমাৰ দেই জানিবলৈ দিয়ে।

ইফালে হাইলাকান্দিত অসম-মিজোৰাম পৰিস্থিতি সন্দৰ্ভত অসম জাতীয় পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি অসম জাতীয় পৰিষদে সুদীর্ঘ পাঁচটা বছৰ দিছপুৰৰ ক্ষমতাত থাকিও আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিকৰণত সর্বানন্দ সােণােৱাল নেতৃত্বাধীন চৰকাৰে কোনাে ধৰণৰ ফলপ্রসূ পদক্ষেপ ল’ব নােৱাৰিলে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখ্য যে অসম–মিজোৰাম সীমান্তৱর্তী হাইলাকান্দিৰ গল্লাছেৰা-কচুৰতল এলেকাত কিছুদিন পূৰ্বে মিজো দুষ্কৃতিকাৰীয়ে অসমৰ ২০ টা পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ লগতে গুলীচালনা কৰিছিল আতংকজনিত পৰিৱেশৰ বাবে ইতিমধ্যে ৭৭টাকৈ পৰিয়ালে ঘৰব এৰি আন ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply