কামেং জিলাত অৰণ্যত বনজুই

নিউজ ডেস্ক– এইবাৰ বনজুই লাগিল অৰুণাচল প্ৰদেশৰ বনাঞ্চলত | সেনাৰ ইষ্টাৰ্ন কামান্ডৰ সুত্ৰই প্ৰকাশ কৰা মতে অৰুণাচলৰ পশ্চিম কামেং জিলাত চিলিপাম বৌদ্ধমঠৰ কাষৰ অৰণ্যত এই বনজুই লাগে। দেওবাৰে সংঘটিত হয় এই ঘটনা।

এই বনজুইয়ে বিধ্বংসী ৰূপ লোৱাৰ পূৰ্বেই ঘটনাস্থলীত উপস্থিত হয় ভাৰতীয় সেনা। অৱশেষত সেনাই এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। সেনা সুত্ৰই প্ৰকাশ কৰা মতে সেনা বাহিনী আৰু বন বিভাগে চলোৱা যুটীয়া অভিযানত জুই নিয়ন্ত্ৰণলৈ আহে | ইয়াৰ ফলত সমীপতে থকা চিলপাম বৌদ্ধমঠটো কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply