নিউজ ডেস্ক– ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অসম সন্তান অৰ্ণৱ গোস্বামীৰ টি আৰ পিক লৈ চলা কেতবোৰ কথোপকথনক লৈ পুনৰ বিপদত পৰাৰ সম্ভাবনাই দেখা দিছে।টুইটাৰত অতি দ্ৰুতগতিত ভাইৰেল হৈছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ হোৱাটছ এপৰ স্ক্ৰীন শ্বট।
These are a few snapshots of the damning leaked WhatsApp chats between BARC CEO & #ArnabGoswami. They show many conspiracies&unprecedented access to power in this govt; gross abuse of his media&his position as power broker. In any Rule of law country, he would be in jail for long pic.twitter.com/6aGOR6BRQJ
— Prashant Bhushan (@pbhushan1) January 15, 2021
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত ভুষণে টুইটাৰত প্ৰকাশ কৰে অৰ্ণৱ গোস্বামী আৰু প্ৰাক্তন বাৰ্ক মুখ্য কাৰ্যবাহী পাৰ্থ দাস গুপ্তাৰ মাজৰ হোৱাটছ এপৰ কথা বাৰ্তাৰ কেইখনমান স্ক্ৰীন শ্বট।
এই কথা বাৰ্তাত স্পষ্ট প্ৰকাশ পাইছে কিছু ষড়যন্ত্ৰ। কিদৰে অৰ্ণৱ গোস্বামীয়ে নিজৰ পদৰ ভুল ব্যৱহাৰ কৰি গোপনে কথা বাৰ্তাত মিলিত হৈছে বাৰ্কৰ মুখ্য কাৰ্যবাহীৰ সৈতে।
স্ক্ৰীন শ্বট ভাইৰেল হোৱাৰ পিছতেই বহুতৰ প্ৰশ্ন , এনেধৰনৰ কাম কৰাৰ পিছতো যদি শাস্তিৰ সন্মুখীন নহয় তেনেহলে ন্যায় ব্যবস্থাৰ পৰা ৰাইজৰ আস্থা নাইকীয়া হব। বহুজনে অৰ্ণৱ গোস্বামীৰ শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপনো কৰিছে।