নিউজ ডেস্ক– এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈ ৰাজ্য শাসন চলোৱা আপুনি হয়তো চিনেমাত দেখিছে। কিন্তু এইখন দেশতে সঁচা হবলৈ গৈ আছে এই কাহিনী। আজি এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব হৰিদ্বাৰৰ সৃষ্টি। ১২ বজাৰ পৰা তিনি বজালৈ মুখ্যমন্ত্ৰী হব সৃষ্টি গোস্বামী।
২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় বালিকা শিশু দিৱস উপলক্ষে হৰিদ্বাৰৰ কিশোৰী সৃষ্টি গোস্বামীয়ে এটা দিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হৈ উত্তৰাখণ্ডৰ ত্ৰিৱেন্দ্ৰ সিং ৰাৱত চৰকাৰৰ দ্বাৰা পৰিচালনা কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিব। এই আঁচনিবোৰৰ ভিতৰত আছে অটল আয়ুস্মান আঁচনি, স্মাৰ্ট চিটি প্ৰকল্প আৰু অন্যান্য উন্নয়নমূলক প্ৰকল্প ।
তেওঁ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ আগেয়ে , উত্তৰাখণ্ড চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ বিষয়াসকলে তেওঁলোকৰ পৰিকল্পনাৰ ওপৰত পাঁচ মিনিটৰ বাখ্যা আগবঢ়াব। সকলো শীৰ্ষ বিষয়া এই কাৰ্যসূচীত উপস্থিত থাকিবলৈ উত্তৰাখণ্ড শিশু অধিকাৰ সুৰক্ষা আয়োগে মুখ্য সচিবক এখন পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যিক বিধানসভা ভৱনত ১২ৰ পৰা ৩ বজালৈ এই কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি আয়োগৰ সভানেত্ৰী ঊষা নেগীয়ে উল্লেখ কৰে। লগতে নেগীয়ে কৈছিল যে আয়োগে এটা শিশু বিধানসভা গঠন কৰিছে।

সৃষ্টি গোস্বামী হৰিদ্বাৰ জিলাৰ দৌলতপুৰ গাওঁৰ বাসিন্দা। তেওঁৰ দেউতাকৰ নাম প্ৰবীণ এজন ব্যৱসায়ী, আৰু মাতৃ সুধা গোস্বামী এগৰাকী গৃহিনী।
সুধায়ে ৰুৰকিৰ বিএছএম পিজি কলেজত কৃষি বিষয়ত স্নাতক সপ্তম ষাণ্মাসিকত অধ্যয়ন কৰি আছে ।
পূৰ্বেও তেওঁ আন্তৰ্জাতিক বালিকা শিশু দিৱসৰ বহুতো কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ২০১৮ চনৰ মে’ মাহত তেওঁ উত্তৰাখণ্ড বাল বিধান সভাৰ মুখ্যমন্ত্ৰী হৈছিল।