নিউজ ডেস্ক : পুলিৎজাৰ বঁটা প্ৰাপ্ত ভাৰতীয় ফটো সাংবাদিক ডানিশ চিদ্দিকি আফগানিস্তানৰ কান্দাহাৰত নিহত হৈছে। ডানিশ চিদ্দিকি আন্তৰ্জাতিক সংবাদ সংস্থা ৰয়টাৰ্ছৰ মুখ্য ফটো সাংবাদিক আছিল।
কান্দাহাৰৰ স্পিন বল্ডাক জিলাত আফগান সৈন্য আৰু তালিবানৰ মাজত চলি থকা সংঘৰ্ষত তেওঁৰ মৃত্যু হয়।
ভাৰতত থকা আফগানিস্তানৰ ৰাষ্ট্ৰদূত ফৰদি মামুন্দজায়ে শুকুৰবাৰে এই কথা নিশ্চিত কৰে।
বৃহস্পতিবাৰে নিশা স্পিন বল্ডাকৰ এখন বজাৰ অঞ্চলত তালিবানৰ ‘ক্ৰছফায়াৰ’ত ফটো সাংবাদিক গৰাকীৰ মৃত্যু হয়। তেওঁৰ সৈতে এগৰাকী শীৰ্ষ আফগান বিষয়াৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে।
২০১৮ চনত ৰোহিংগিয়া শৰণাৰ্থী সংকটৰ ওপৰত তোলা ফটোগ্ৰাফীৰ বাবে ভাৰতৰ আন এগৰাকী ফটো সাংবাদিক আদনান আবিদিৰ সৈতে ডানিশ চিদ্দিকিয়ে পুলিৎজাৰ বঁটা লাভ কৰিছিল।
২০০৭ চনত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চিদ্দিকিয়ে ২০১০ চনত ৰয়টাৰৰ সৈতে এজন ইণ্টাৰ্ন হিচাপে ফটোজাৰ্নালিজম আৰম্ভ কৰিছিল।
ইয়াৰ পূৰ্বে তেওঁ দূৰদৰ্শনত বাতৰি সংবাদদাতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল।
লগতে পঢ়ক : অসম-মিজোৰাম সীমা সমস্যা: ১ ইঞ্চি মাটি এৰিবলৈ ৰাজী নহয় কোনো এটা পক্ষ