আফগান চৰকাৰে মুকলি কৰি দিলে ১০জন চীনৰ চোৰাংচোৱাক

নিউজ ডেস্ক– আফগানিস্তান চৰকাৰে মুকলি কৰি দিলে চীনৰ ১০জন চোৰাংচোৱাক। বিশেষ চাৰ্টাড বিমানযোগে চীনলৈ লৈ যোৱা হয় চোৰাংচোৱাকেইজনক। যোৱা ১০ ডিচেম্বৰত কাবুলত এই চোৰাংচোৱা কেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল। কাবুলত এটা সন্ত্ৰাসবাদী গোট চলোৱাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আফগানিস্তানৰ নেচনেল ডিৰেক্টৰেট অব ছিকিউৰিটীয়ে। এই ১০ জনৰ ভিতৰত এগৰাকী মহিলায়ো আছিল।

আফগানিস্তান চৰকাৰে কি চৰ্তত চোৰাংচোৱা কেইজনক মুকলি কৰি দিলে এতিয়াও সেই সন্দৰ্ভত স্পষ্ট হোৱা নাই। কিন্তু বিষয়টোৰ সৈতে জড়িত এক সূত্ৰই সোমবাৰে প্ৰকাশ কৰে যে, এই দহজন চীনা নাগৰিকক আফগানিস্তান এৰাৰ অনুমতি দিয়া হৈছে। দেশখনত চীনে এগৰাকী মহিলাকে ধৰি দহজনকৈ চোৰাংচোৱাক নিয়োগ কৰাৰ বাবে বেইজিঙে ক্ষমা বিচৰাৰ চৰ্ত আৰোপ কৰা হৈছে।

চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে এইসকল লোকৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। অৱশ্যে লোককেইজন আৰু তেওঁলোকক মুকলি কৰি দিয়াৰ সবিশেষ জানিবপৰা হোৱা নাই।আফগানিস্তানে এইসকল চীনৰ নাগৰিকক চৰ্তসাপেক্ষে ক্ষমাদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply