নিউজ ডেস্ক– আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে বুধবাৰে শপত গ্ৰহণ ল’লে জ’ বাইডেনে। নিশা প্ৰায় ১০.২০ বজাত শপতগ্ৰহণ কৰিলে বাইডেনে। ইফালে কেই মুহূৰ্তমানৰ পূৰ্বে উপ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰিলে কমলা হেৰিছে।

শপত গ্ৰহণ অনুষ্ঠানলৈ যোৱা ৰাষ্ট্ৰপতি জ’ বাইডেনে এটা টুইট কৰে। তেওঁ টুইটটোত লিখে, ‘এয়া আমেৰিকাৰ নতুন দিন’।
It’s a new day in America.
— Joe Biden (@JoeBiden) January 20, 2021
জ’ বাইডেনক শপতবাক্য পাঠ কৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জ’ন ৰবাৰ্টে। শপতগ্ৰহণৰ পাছতে জ’ বাইডেনে আমেৰিকাবাসীক সম্বোধন কৰি কয়- ‘আজি আমি কোনো প্ৰাৰ্থীৰ জয়ৰ বাবে উদযাপন নকৰো, উদযাপন কৰো গণতন্ত্ৰৰ বাবেহে। মানুহৰ মনৰ ইচ্ছাবোৰ শুনা হৈছে। আমি পুনৰ শিকিছোঁ যে গণতন্ত্ৰ মূল্যবান, আৰু মোৰ বন্ধু, এই সময়ত গণতন্ত্ৰ বিৰাজমান।’
ইফালে আমেৰিকাৰ প্ৰাক্তণ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জ’ বাইডেনে শপত গ্ৰহণ লোৱাৰ তিনি ঘন্টাৰ পূৰ্বে “back in some form” বুলি কৈ পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দি হোৱাইট হাউছ এৰে।

শপতগ্রহণ অনুষ্ঠানত প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা, বিল ক্লিণ্টন আৰু জর্জ ডব্লিউ বুশ্বৰ লগতে প্রাক্তন ফাষ্ট লেডী মিছেল অ’বামা, লৌৰা বুশ্ব আৰু হিলাৰী ক্লিণ্টন উপস্থিত থাকে৷ উল্লেখ্য যে ৰাষ্ট্রপতি বাইডেনৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত নাথাকিল বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ৷