নিউজ ডেস্ক – ইণ্ডনেছিয়াত বৰভূমিকম্প। নিহত হৈছে ৭ জনকৈ লোক। আহতৰ সংখ্যা ১০০ ৰো অধিক। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা। উদ্ধাৰ অভিযান অব্যাহত।
শুকুৰবাৰে পুৱতি নিশা ইণ্ডনেছিয়াত বৰভূমিকম্প। পুৱতি নিশা প্ৰায় ১ বজাত ইণ্ডনেছিয়াৰ সুলাবেসি দ্বীপ জোকাৰি যায় ৬.২ প্ৰাৱল্যৰ এক বৰ ভূমিকম্পই। ভূমিপম্পৰ ফলত সুলাবেসি দ্বীপ ছিন্ন বিছিন্ন হৈ পৰা বুলি জানিব পৰা গৈছে।
ইণ্ডনেছিয়াৰ মাজনে চহৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰত্বত উত্তৰ-পূবত ভূমিকম্পৰ কেন্দ্ৰ বুলি জানিব পৰা গৈছে। ৬.২ প্ৰাৱল্যৰ বৰভূমিকম্পত বৰ্তমানলৈকে ৭ জন লোকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত ১০০ তকৈও অধিক লোক আহত হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ আশংকা কৰা হৈছে।
বর্তমানেও সুলাবেসি দ্বীপত উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখ্য যে ২০০৪ আৰু ২০১৮ চনত দুটাকৈ বৰভূমিকম্পই জোকাৰি গৈছিল ইণ্ডনেছিয়া। ২০১৮ চনত ৭.৫ প্ৰাৱল্যৰ বৰভূমিকম্পত ইণ্ডনেছিয়াত ৪ হাজাৰতকৈও অধিক লোকৰ মৃত্যু হৈছিল। ২০০৪ চনত ইণ্ডনেছিয়াত ৯.১ প্ৰাৱল্যৰ বৰভূমিকম্পত মৃত্যু হৈছিল ২ লাখতকৈও অধিক লোকৰ।