ইথিওপিয়াত নৃশংস গণহত্যা

নিউজ ডেস্ক- আফ্ৰিকান দেশ ইথিওপিয়াত সংঘটিত হৈছে নৃশংস গণহত্য়া । বুধবাৰে পশ্চিম বেনিশাংগুল-গুমুজ অঞ্চলত অচিনাক্ত এটা বন্দুকধাৰীৰ দলে চলাই নিৰ্বিচাৰ গুলীচালনা। বন্দুকধাৰীৰ আক্ৰমণত ১০০ৰো অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱায়।

ইথিওপিয়ান মানৱ অধিকাৰ আয়োগৰ মতে, নৃশংস আক্ৰমণৰ ঘটনা চলা অঞ্চলটোত বিভিন্ন জাতিৰ লোকে বাস কৰে। এই অঞ্চলত বিগত সময় ধৰি জাতিগত হিংসাৰ ঘটনা ঘটি আহিছে। উল্লেখ্য যে অহা বছৰ দেশত নিৰ্বাচন অনুষ্ঠিত হ’ব এনে সময়ত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰা কাৰ্যই আন্তঃৰাষ্ট্ৰীয় মহলকো চিন্তিত কৰিছে |পুনৰ উদ্ৰেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হিংসাত্মক ঘটনা।বহু লোকে এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পলায়ন কৰিবলৈ চেষ্টা চলাইছিল যদিও ব্য়ৰ্থ হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply