চাম'লি জিলাত জলপ্ৰলয়

নিউজ ডেস্ক– উত্তৰাখণ্ডৰ চাম’লি জিলাত জলপ্ৰলয়। দেওবাৰে ধুলিগংগা নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ ফলত বাঢ়নী পানীয়ে উটুৱাই লৈ যায় অঞ্চলটোৰ বহু ঘৰ । জানিব পৰা মতে তপোবন অঞ্চলৰ ৰেইনি গাঁৱৰ এটা বিদ্যুৎ প্ৰকল্পৰ ওচৰত ধুলিগংগা উপত্যকাত এটা হিমবাহ ভাঙি যোৱাৰ ফলত ধুলিগংগা নদীৰ জলস্তৰ বৃদ্ধি হৈ অঞ্চলজুৰি বানপানীৰ সৃষ্টি হয়।

এই দুৰ্ঘটনাত ঋষি গংগা বিদ্যুৎ প্ৰকল্পত কাম কৰা কেইবাজনো শ্ৰমিক নিৰুদ্দিষ্ট হোৱা বুলি জানিব পৰা গৈছে।

এই ঘটনাত অঞ্চলটোৰ বহুলোকৰ হতাহতিৰ খবৰ পোৱাৰ গৈছে। চাম’লি জিলা দণ্ডাধীশে ধ’লিগঙ্গা নদীৰ পাৰৰ গাওঁবোৰত বাস কৰা লোকসকলক বেলেগ ঠাইলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে।

জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্য়াহত ৰাখিছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে পুৰণি বানপানী ভিডিঅ’ৰ জৰিয়তে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,907 other subscribers

Leave a comment

Leave a Reply