নিউজ ডেস্ক– উত্তৰাখণ্ডৰ প্ৰলয়ংকাৰী বানত সন্ধানহীনলোকৰ উদ্ধাৰ অভিযানৰ বাবে সাহাৰ্য্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ভাৰতীয় বেটছমেন ঋষভ পন্তে। দেওবাৰে উত্তৰাখণ্ডৰ চাম’লী অঞ্চলত হিমবাহ খহি সৃষ্টি হয় প্ৰলয়ংকাৰী বানপানী। এই ঘটনাত বহুলোকৰ মৃত্য়ুৰ আশংকা কৰা হৈছে।
২৩ বছৰীয়া উইকেটকীপাৰজনে প্ৰাকৃতিক দুৰ্যোগত প্ৰাণহেৰুৱা সকললৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয়, “উত্তৰাখণ্ডত পীড়িত লোকসকলৰ পৰিয়ালৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা আৰু প্ৰাৰ্থনা। মই আশা কৰোঁ যে চলি থকা উদ্ধাৰ অভিযানত ব্ৰতী থকাসকলৰ সহায় কৰিবলৈ সক্ষম হ’ব”।
My sincere condolences and prayers for the families of those affected by the Uttarakhand flash floods. I hope that the rescue operations underway are able to help those in trouble.
— Rishabh Pant (@RishabhPant17) February 7, 2021
Deeply pained by the loss of life in Uttarakhand. Would like to donate my match fee for the rescue efforts and would urge more people to help out.
— Rishabh Pant (@RishabhPant17) February 7, 2021
খেলুৱৈ জনে উদ্ধাৰ অভিযানত সহায়ৰ লগতে পীড়িত সকলৰ বাবে আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে।
এমএ চিদাম্বৰম ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্টমেচখনত ৯১ ৰাণ কৰাৰ পিছতে ঋষভ পন্তে এই টুইটতো কৰে।
উল্লেখ্য় যে ঋষভ পন্তৰ জন্ম উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ ৰুৰকীত হৈছিল। দেওবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাৰ যোশীমঠত এটা হিমবাহ খহি পৰাৰ ফলত ধূলী গংগা নদীত এক বৃহৎ বানপানী হৈছিল। এই দুৰ্যোগত এটা বিদ্যুৎ প্ৰকল্পত কাম কৰা ১৫০ ৰো অধিক শ্ৰমিক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে দিনে-নিশাই উদ্ধাৰ অভিযান চলাই আছে। লগতে বহুলোকৰ বাসগৃহয়ো প্ৰলয়ংকাৰী বানত উটি যায়। অঞ্চলটোৰ বহু লোকক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হয়।