তেজপুৰ– উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটকৰ বাবে বিশেষ সুবিধা আগবঢ়াইছে ভাৰতীয় ৰেল বিভাগে। মাত্ৰ ৮৫০৫ টকাৰ বিনিময়ত উত্তৰ-পূৰ্বৰ পৰ্যটকে ৰামজনমভূমিৰ লগতে শ্ৰীৰামচন্দ্ৰৰ লগত সম্পৰ্ক থকা সকলো তীৰ্থস্থান দৰ্শন কৰিব পাৰিব। বুধবাৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰিছে IRCTCৰ গুৱাহাটীস্হ আঞ্চলিক কাৰ্য্যালয়ৰ অতিৰিক্ত মহাপ্ৰবন্ধক অনুজ দত্তই।
ভাৰতীয় ৰেল বিভাগৰ অধীনত ” Indian Railway Catering& Tourism Corporayion Ltd”(IRCTC)ৰ উদ্যোগত শ্ৰীৰাম পথ দৰ্শন নামৰে এক বিশেষ ৰেল পৰ্যটকৰ বাবে আগবঢ়াইছে ।
অহা ২৩ফেব্ৰুৱাৰীত আগৰতলা পৰা পুৱা ৮বজাত যাত্ৰা আৰম্ভ কৰিব শ্ৰীৰাম পথ নামৰ বিশেষ ৰেলখনে। প্ৰতি গৰাকী তীৰ্থযাত্ৰীয়ে ৮৫০৫টকাৰ টিকট ক্ৰয় কৰি শ্ৰীৰামচন্দ্ৰৰ সম্পৰ্কীয় তীৰ্থস্থান অযোধ্যাৰ ৰাম জনমভূমি,বাৰাণসী, প্ৰয়াগৰাজ দৰ্শনৰ সুবিধা লাভ কৰিব।
যাত্ৰা কালত ৮ৰাতি ৯দিনৰ বাবে বিনামূলীয়াকৈ নিৰামিষ আহাৰো গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। ৰেল ষ্টেচনৰ পৰা বাছৰে শ্ৰীৰামচন্দ্ৰৰ লগত জড়িত সকলো তীৰ্থস্থান দৰ্শন কৰাৰ লগতে তীৰ্থস্থান সমূহত নিশা অতিবাহিত কৰাৰ সুবিধা পাব।
আনহাতে এই ৰেলখনি আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত ত্ৰিপুৰাৰ ধৰ্ম নগৰ,নিউ কৰিমগঞ্জ,বদৰপুৰ,গুৱাহাটী,নিউ বঙাইগাওঁ,নিউ কোচবিহাৰ,নিউ জলপাইগুৰি আৰু কাটিহাৰত কভিড প্ৰট’কল মানি যাত্ৰী সকল উঠা নমা কৰিব পাৰিব বুলি সাংবাদিক মেলত গুৱাহাটীৰ উত্তৰ পূৱ আঞ্চলিক কাৰ্য্যালয়ৰ অতিৰিক্ত মহাপ্ৰবন্ধক অনুজ দত্তই সদৰি কৰিছে।
যাত্ৰা কালত তীৰ্থ যাত্ৰী সকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশতো সৰ্বাধিক গুৰুত্ব দিয়া হ’ব বুলি অতিৰিক্ত মহাপ্ৰবন্ধক দত্তই ব্যক্ত কৰে । এই ৰেলত যাত্ৰাৰ বাবে তীৰ্থ যাত্ৰী সকলে টিকত IRCTCৰ টুৰিজিম পৰ্টেল www.irctctourism.com ৰ লগতে IRCTCৰ স্বীকৃতিপ্ৰাপ্ত ই- টিকটৰ পৰ্যটক এজেন্ট অথবা গুৱাহাটীৰ আমবাৰীৰ IRCTCৰ আঞ্চলিক কাৰ্য্যালয়ৰ পৰা ক্ৰয় কৰিব পাৰিব ।বাকী কোনো ৰেল ষ্টেচনত এই যাত্ৰাৰ টিকত উপলব্ধ নহ’ব বুলি অতিৰিক্ত মহাপ্ৰবন্ধক গৰাকীয়ে সংবাদ মেলত সদৰি কৰে।