নিউজ ডেস্ক- সোমবাৰে সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা ২০২১-২০২২বৰ্ষৰ বিত্তীয় বাজেটক আদৰণি জনাই পুদুচেৰীৰ উপৰাজ্যপাল কিৰণ বেদীয়ে। এইবাৰৰ বাজেট সকলো দিশত এক স্বাস্থ্যকৰ বাজেট বুলিও কয় কিৰণ বেডীয়ে।
বাজেটক আদৰণি জনাই প্ৰাক্তন আইপিএছ বিষয়াগৰাকীয়ে কয় যে “নতুন বাজেটে দেশৰ জনতাক সামাজিক, আৰ্থিক আৰু পৰিবেশগত ভাবে সুস্থৰূপত আগবঢ়াত বিশেষ ভাবে সহায় কৰিব।”
লগতে বেদীয়ে কয় যে এটা স্বাস্থ্যৱান জাতিয়েই আৰ্থিক দিশতো শক্তিশালী হোৱাৰ লগতে সৃষ্টিশীলতাতো আগবাঢ়ি যোৱাত বিশেষ ভাবে সহায় কৰে |।
সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত দেশৰ অৰ্থনীতি উন্নতি কৰাৰ স্বাৰ্থত স্বাস্থ্যখন্ডৰ লগতে নিৰ্মাণখন্ডক অধিক গতিশীল কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে ।