নিউজ ডেস্ক- এখন চিঠিয়ে চিন্তিত কৰিছে দিল্লী আৰক্ষীক। শুকুৰবাৰে দিল্লীস্থিত ইজৰাইলী দূতাৱাসৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণস্থলীত উদ্ধাৰ হৈছে এটা লেফাফা।
চিঠিখনত ইজৰাইলৰ ৰাষ্ট্ৰদূতক সম্বোধন কৰি লিখা হৈছে। জানিব পৰা মতে চিঠিখনত লিখা আছে, ” ”এইয়া মাত্ৰ ট্ৰেইলাৰহে”। লগতে চিঠিখনত ইৰাণৰ কামাণ্ডাৰ কাছিম ছুৰেমানী আৰু পৰমাণু বৈজ্ঞানিক মহছিন ফাৰ্খৰীজাদেহৰ হত্যাৰ সন্দৰ্ভতো উল্লেখ আছে।
দিল্লী আৰক্ষীৰ বিশেষ সংস্থাই ভাৰতীয় দণ্ড বিধি (আইপিচি) আৰু বিস্ফোৰক আইনৰ কেইবাটাও ধাৰাৰ অধীনত এজন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে।
এই বিস্ফোৰণৰ অনুসন্ধান আৰম্ভ কৰিছে দুটাকৈ তদন্তকাৰী সংস্থাই। আৰক্ষীয়ে সন্দেহজনক আৰু গাড়ীৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিবলৈ ওচৰৰ অঞ্চলৰ চিচিটিভি ফুটেজ নিৰীক্ষণ কৰি আছে।
ঘটনাস্থলীত উদ্ধাৰ হোৱা বিয়েৰিং আৰু বিস্ফোৰকৰ অন্যান্য অৱশিষ্ট বোৰ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাৰ তদন্তৰ বাবে দিল্লী আৰক্ষী আয়ুক্ত আৰু উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈছে।
এই ঘটনাৰ শেহতীয়া তদন্তত বহু কথা পোহৰলৈ আহিছে। বিস্ফোৰণ সংঘটিত কৰা দুজন লোকৰ পৰিচয়ৰ লগতে বোমা সংস্থাপন কৰিবলৈ ভাড়াত অনা বাহন আৰু বাহন চালকক আটক কৰা হৈছে।
বৰ্তমান বাহন চালকগৰাকীক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। চালকগৰাকীয়ে স্বীকাৰ কৰিছে যে, দুজন লোকক তেওঁ উক্ত স্থানত নমাই থৈ গৈছিল। তদন্তৰ গতিলৈ চাই আজি বিয়লিভাগলৈ অপৰাধী আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্য় যে শুকুৰবাৰে আবেলি ৫বাজি ৫মিনিটত এখন গাড়ীয ইজৰাইল দূতাবাসৰ কাষলৈ গৈছিল আৰু প্লাষ্টিকৰ মোনাত মেৰিয়াই থোৱা বিস্ফোৰকটো পেলাই দিছিল। আইইডি বিস্ফোৰণটো দূতাবাসৰ পৰা ১৫০ মিটাৰ সংঘটিত হৈছিল।