গুৱাহাটী– এদিনীয়া কাৰ্যসূচীৰে ২৬ ডিচেম্বৰত গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত ৰাজ্য চৰকাৰৰ অসম দৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব অমিত শ্বাহে। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰায় আঠ হাজাৰ নামঘৰ মন্দিৰক আঢ়ৈ লাখ টকাৰ বিশেষ অনুদান প্ৰদান কৰা হব । প্ৰতিটো সমষ্টিৰ ৫০-৫৫ টা নামঘৰ মন্দিৰে এই আঁচনিৰ সুবিধা লাভ কৰিব।
একে অনুষ্ঠানতে ৰাজ্যৰ ৯খনকৈ আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে । লগতে উক্ত অনুষ্ঠানতে গৃহমন্ত্ৰী গৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ তথা গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব ।
ইতিমধ্য়ে গৃহমন্ত্ৰী অমিত শ্বাহক আদৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে কামৰূপৰ আমিনগাঁৱত।
অমিত শ্বাহৰ ভ্ৰমনৰ সময়তে কংগ্ৰেছৰ বহু কেইজন নেতাই বিজেপিত যোগদান কৰিব বুলিও চৰ্চা চলিছে। তদুপৰি আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কেও বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতেও বুজ লব | গৃহমন্ত্ৰী গৰাকীৰ ভ্ৰমনৰ সময়ত মিত্ৰদল অগপৰ সৈতেও আগন্তুক নিৰ্বাচনক লৈ আলোচনা হোৱাৰ সম্ভাবনা কথা ব্যক্ত কৰে |