জাহাজ দুৰ্ঘটনা Credit: টুইটাৰ

নিউজ ডেস্ক– গণতান্ত্ৰিক গণৰাজ্য কংগোৰ মে-নডমবেৰ প্ৰদেশত জাহাজ দুৰ্ঘটনা। সোমবাৰে নিশা কংগো নদীত ডুবি যায় এখন জাহাজ । এতিয়ালৈকে উদ্ধাৰ ৬০জনৰ মৃতদেহ। এই দুৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে ৩০০জন লোকৰ। দেওবাৰে কিঞ্চাছাৰ পৰা মবাণ্ডকালৈ ৭০০ৰো অধিক যাত্ৰী লৈ যাত্ৰা কৰিছিল জাহাজখনে।

এতিয়াও এশৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। জাহাজখনত অতিৰিক্ত সামগ্ৰী তথা অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply