নিউজ ডেস্ক– কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইনৰ বাতিলৰ দাবীত এমাহ জুৰি হাড় কপোৱা জাৰক নেওঁচি হাজাৰ হাজাৰ কৃষকে ৰাজধানী দিল্লী প্ৰতিবাদত উত্তাল কৰি থকাৰ মাজতে কেন্দ্ৰই কৃষকলৈ আগবঢ়াইছে নতুন টোপ।
দেশৰ কৃষক সকলক পি এম সন্মান নিধি আঁচনিৰ অধীনত ২০০০ টকাকৈ প্ৰদান কৰিব মোডী চৰকাৰে। এই ধন বৰদিনৰ দিনাই কৃষকক আগবঢ়়াব। ইয়াৰ বাবে প্ৰথমে হিতাধিকাৰীৰ বেংক একাউন্ট পৰীক্ষা কৰিব। তাৰ পিছৰ পৰ্যায়ত হিতাধিকাৰীৰ একাউন্টত এই ধনৰাশি স্থানান্তৰিত কৰা হ’ব।
ইয়াৰ পূৰ্বে ২০১৯চনত প্ৰথম পৰ্যায়ত কেইবাহাজাৰ কৃষকক এই ধন দিয়া হৈছিল। দেশৰ আঠ কোটি কৃষকক ১৮ হেজাৰ কোটি বিতৰণৰ পি এম কিষাণ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ধন ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব।
২৫ ডিচেম্বৰত মোডীয়ে এই ধন বিতৰণ কৰাৰ লগতে হিতাধিকাৰী কৃষকৰ লগতো মত-বিনিময় কৰিব। মোডীয়ে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইনৰ জৰিয়তে কৃষকসকল কিদৰে উপকৃত হব,সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে বাখ্য়া কৰিব।