নিউজ ডেস্ক– কৃষক আন্দোলনে ২২ দিন অতিক্ৰম কৰি অচল কৰি তোলা দিল্লীৰ পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ কৃষক বিদ্ৰোহ। কেইবাখনো আবেদনৰ শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পেনেল গঠনৰ পৰামৰ্শ দিয়ে। শীঘ্ৰে সমাধানৰ পথ নোলালে আন্দোলনে ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপ ল’ব বুলি শংকা প্ৰকাশ কৰিছে ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰমণিয়ামৰে গঠিত বিচাৰপীঠে বৰ্তমানে চলি থকা ধৰনে আলোচনা চলি থাকিলে সমস্যাৰ সমাধানৰ সুত্ৰ ওলাবনে নাই সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰে | কেন্দ্ৰীয় চৰকাৰৰ হৈ ন্যায়ালয়ত যুক্তি দিছিল ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই | আন্দোলনকাৰীলৈ চৰকাৰে দিয়া লিখিত প্ৰস্তাব বহুবাৰ নাকচ কৰিছে যৌথ মঞ্চই |
দিল্লী-হাৰিয়ানাৰ সীমান্তত হাঁড় কঁপোৱা শীতৰ মাজতো কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে সংঘটিত হৈছে এক কৰুণ ঘটনা। কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদ অংশ লোৱা এগৰাকী কৃষকে বৃহস্পতিবাৰে পুৱা ভাগত হেৰুৱালে প্ৰাণ। পঞ্জাৱৰ এই কৃষক গৰাকীৰ মৃত্যুৰ কাৰণ ঠাণ্ডাৰ ফলত হোৱা বুলি ধাৰণা কৰা হৈছে। টিকৰী সীমান্তত ৩ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই কৃষক গৰাকীৰ মৃত্যু হয়। উল্লেখ্য যে, বিগত প্ৰায় ২২ দিন ধৰি কৃষি আইনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ।