নিউজ ডেস্ক– কৰোণা ভেকচিনক লৈ বিশ্বজুৰি উৎকণ্ঠিত হৈ থকাৰ সময়তে আহি পৰিছে এটা বেয়া খবৰ। পৰ্তুগালত কৰোণা ভাইৰাছৰ ভেকচিন লৈ মৃত্য়ু হৈছে এগৰাকী ৪১ বছৰ বয়সীয়া নাৰ্ছৰ। ফাইজাৰৰ কৰোণা ভেকচিন লোৱাৰ ৪৮ ঘন্টাৰ পাছতেই মৃত্য়ু হয় নাৰ্ছ গৰাকীৰ। মৃত ছোনিয়া এছেভেড’ৰ এখন কেঞ্চাৰ হস্পিতালত কৰ্মৰত আছিল। ফাইজাৰৰ ভেকচিন লোৱাৰ পিছত ছোনিয়াৰ শৰীৰত কোনো ধৰণৰ ছাইড এফেক্ট দেখা দিয়া নাছিল।
উল্লেখযোগ্য যে, আমেৰিকান ঔষধ নিৰ্মাতা সংস্থা ফাইজাৰে তেওঁলোকৰ কোভিড-১৯ ভেকচিন ৯৫ শতাংশ কাৰ্য্যক্ষম বুলি উল্লেখ কৰাৰ লগতে কোনোধৰণৰ পাৰ্শ্চক্ৰিয়াহীন বুলিও কৈছিল।
হস্পিতাল কৰ্তৃপক্ষই উল্লেখ কৰা মতে ছোনিয়াক কভিড ভেকচিন দিয়াৰ কিছু ঘন্টালৈ কোনো ধৰণৰ লক্ষণ দেখা দিয়া নাছিল।
ভেকচিন লোৱাৰ পিছতেই ছোনিয়াই ফেচবুকত এখন ছেল্ফিয়ো প’ষ্ট কৰিছিল। লগতে তেওঁ লিখিছিল কৰোণা ভেকচিনৰ টিকা লগোৱা হ’ল।
এই সন্দৰ্ভত নাৰ্চ গৰাকীৰ পিতৃয়ে ক্ষোভ আৰু দুখ ব্যক্ত কৰি কয়, ‘‘কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতো ছোনিয়াৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাছিল। মই নাজানো কি হ’ল হঠাৎ। কি কাৰণে মোৰ জীয়ৰীৰ মৃত্যু হ’ল জানিব বিচাৰো”
আনকি নৱবৰ্ষৰ পাৰ্টিতো অংশ লৈছিল ছোনিয়াই। তাৰ পিছৰ দিনাই ছোনিয়াৰ মৃত্য়ুৰ খবৰ লাভ কৰে বুলি পিতৃয়ে উল্লেখ কৰে।