নিউজ ডেস্ক– কৰোণা ভেকচিন লোৱাসকলে মানি চলক এই সতৰ্কতা। কৰোণা ভাইৰাছৰ ভেকচিন লোৱা সকলে দুমাহলৈ কৰিব নোৱাৰিব সুৰাপান। এই সতৰ্কবাণী প্ৰদান কৰিছে ভাৰতীয় চিকিৎসক তথা বিশেষজ্ঞসকলে। যিসকল লোকে কৰ’ণা ভেকচিন গ্ৰহণ কৰিব তেওঁলোকে দুমাহলৈ সুৰা পৰিত্যাগ কৰিব লাগিব। বিশ্বজুৰি কৰ’ণা ভেকচিন লোৱা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ১৬ জানুৱাৰীৰ পৰা ভাৰতৰ লগতে অসমতো স্বাস্থ্য কৰ্মচাৰীসকলক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে।

সুৰাপান কৰিলে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা হয় । সেইবাবেই আগন্তুক দুমাহলৈ ভেকচিন লোৱা লোকে সুৰাপান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি চিকিৎসক সকলে মন্তব্য কৰিছে।

লগতে কৰ’ণা ভেকচিন লোৱাসকলে জনসমাগমৰ পৰা বিৰত থাকিবলৈ আৰু মুখত মাস্ক পৰিধান কৰিবলৈ বিশেষজ্ঞসকলে নিৰ্দেশ দিছে। কৰ’ণা ভেকচিন লোৱাসকলক ৰোগীয়া লোকৰ সান্নিধ্যলৈ অহাটোও বাধা প্ৰদান কৰিছে চিকিৎসক তথা বিশেষজ্ঞসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply