জ' বাইডেনে ল'লে কৰোণা ভেকচিন

নিউজ ডেস্ক– আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে ল’লে প্ৰথম কৰোণা ভাইৰাছৰ ভেকচিন। ৭৮ বছৰীয়া ৰাষ্ট্ৰপতি গৰাকীয়ে কৰোণা ভাইৰাছ লোৱা টিভিত লাইভ প্ৰত্য়ক্ষ কৰিলে আমেৰিকাবাসীয়ে। ফাইজাৰ আৰু বায়টেকে নিৰ্মাণ কৰিছে এই ভেকচিন।

বাইডেনক কৰোণা ভেকচিনৰ প্ৰথম ড’জ দিয়া হৈছে ইয়াৰ কেইদিন মান পাছতেই দ্বিতীয় ড’জ দিয়া হ’ব। ভেকচিন লোৱাৰ পাছত বাইডেনে আমেৰিকাৰ নাগৰিক সকলক উদ্দেশ্য়ে কয় যে ‘এই ভেকচিন সম্পূৰ্ণ নিৰাপদ।’

ইতিমধ্য়ে আমেৰিকাত ফাইজাৰৰ দ্বাৰা নিৰ্মিত কৰোণা ভাইৰাছৰ ভেকচিনৰ ব্যবহাৰৰ অনুমোদন দিয়া হৈছে।

বাইডেনে টুইটযোগে জনসাধাৰণক উদ্দেশ্য়ে লিখে, ‘কৰোণা মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বৈজ্ঞানিক আৰু বিশেষজ্ঞ সকলে যিমান পৰিশ্ৰম কৰিছে আমি সেই কষ্টক পাহৰিব নোৱাৰো। মই এইসকল লোকৰ ওচৰত চিৰ কৃতজ্ঞ।’

লাইভ টিভিত থাকি ভেকচিন লোৱা সন্দৰ্ভত তেওঁ কয় ‘আমেৰিকাৰ জনসাধাৰণক এই ভেকচিনৰ ওপৰত বিশ্বাস জন্মাব কাৰণে তেওঁ এনেকুৱা কৰিছো । মই জনসাধাৰণক ক’ব বিচাৰো এই ভেকচিন সম্পূৰ্ণ ভাৱে সুৰক্ষিত । চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply