নিউজ ডেস্ক– কৰ্ণাটক বিধানপৰিষদৰ উপাধ্য়ক্ষ তথা জেডিএছৰ নেতা এছ এল ধৰ্মগৌড়াৰ আত্মহনন। কৰ্ণাটকৰ চিকমংগলোৰ নামৰ ঠাইত ৰেলৰ ট্ৰেকৰ ওপৰত ধৰ্মগৌড়াৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে। মৃতদেহটোৰ কাষত এখন ছুইচাইড নোটো আৰক্ষীয়ে উদ্ধাৰ কৰে।
প্ৰাপ্ত তথ্য় অনুসৰি সোমবাৰে সন্ধিয়া ৬বাজি ৩০ মিনিটত এছ এল ধৰ্মগৌড়াই কোনো আত্মীয়ক আনিবলৈ বুলি নিজৰ গাড়ীখন লৈ ওলাই গৈছিল। এই কথা তেওঁৰ গাড়ীচালকে ব্য়ক্ত কৰে। বহু সময় ধৰি তেওঁ ঘূৰি নহাত চালকজনে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে বহু বিচাৰ-খোচাৰ কৰাৰ পাছত চিকমংগলোৰ নামৰ ঠাইত ৰেলৰ ট্ৰেকৰ ওপৰত এছ এল ধৰ্মগৌড়াৰ মৃতদেহ প্ৰত্য়ক্ষ কৰে।
উপাধ্য়ক্ষ গৰাকীৰ মৃত্য়ুত প্ৰাক্তণ প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়ায়ে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয়, ‘ তেওঁ এগৰাকী শান্ত প্ৰকৃতিৰ লোক আছিল। তেওঁৰ মৃত্য়ু ৰাজ্য়বাসীৰ বাবে এটা ডাঙৰ ক্ষতি।’
It is shocking to learn the news of Deputy Speaker of State Legislative Council and JDS leader SL Dharmegowda's suicide. He was a calm and decent man. This is a loss of the state: HD Deve Gowda, former PM and JDS leader (File pic) https://t.co/3NHL9rJElz pic.twitter.com/BtdaLzjtwF
— ANI (@ANI) December 29, 2020
উল্লেখ্য় যে কিছুদিন ধৰি এছ এল ধৰ্মগৌড়া হতাশাত ভুগি আছিল। যোৱা ১৫ডিচেম্বৰত সদনত বিধান পৰিষদৰ অধিবেশনৰ সময়ত তেওঁক কংগ্ৰেছ দলৰ সদস্য় সকলে আসনৰ পৰা উঠাই অপমানো কৰিছিল। সেইলৈ তেওঁ তীব্ৰ আঘাতো পাইছিল।