নিউজ ডেস্ক– সমাগত গণতন্ত্ৰ দিৱস। এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত প্ৰথমবাৰৰ বাবে অংশ ল’ব যুঁজাৰু বিমান ৰাফেলে। দিল্লীত অনুষ্ঠিত হ’ব লগা সকলো অনুষ্ঠানৰ প্ৰস্তুতি এতিয়া পূৰ্ণদমে চলিছে।
এইবাৰ দুটা পৰ্যায়ত ভাৰতীয় বায়ু সেনাই শক্তি প্ৰদৰ্শন কৰিব। গণতন্ত্ৰ দিৱসৰ এই কাৰ্যসূচীত বায়ুসেনাৰ ৩৮খন বিমান আৰু স্থলসেনাৰ ৪খন বিমানে অংশ ল’ব। ৰাফেলৰ লগতে ছুখয় আৰু মিগ-২১য়েও শক্তিপ্ৰদৰ্শন কৰিব।
সোমবাৰে উইয়ং কামাণ্ডাৰ ইন্দ্ৰনীল নন্দীয়ে এই বিষয়ে জনায়।
Rafale fighter jet will participate in the Republic Day parade 2021 in New Delhi, says IAF Spokesperson Wing Commander Indranil Nandi pic.twitter.com/X67E2ApD07
— ANI (@ANI) January 18, 2021
বায়ু সেনাৰ শক্তি প্ৰদৰ্শন প্ৰথম পৰ্যায়ত আৰম্ভ হ’ব ১০বাজি ৪মিনিটৰ পৰা আৰু দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব ১১.২০ বজাৰ পৰা।