নিউজ ডেস্ক– উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অঘটন। লক্ষ্ণৌ বিধান ভৱনৰ সন্মুখত গাঁত পেট্ৰ’ল ঢালি আত্মদাহৰ চেষ্টা যুৱকৰ। যুৱক জন কনৌজৰ নিবাসী উমাশংকৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনক। সংকটজনক অৱস্থাত যুৱকজনক হস্পিতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাত যুৱকজনৰ ৩০% জ্বলি যায়।
এই সমগ্ৰ ঘটনা আবদ্ধ হ’ল চি চি টি ভিত। ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল সমগ্ৰ ঘটনা।
#कन्नौज के युवक ने #लखनऊ में विधान भवन के सामने खुद को लगाई आग, #CCTV में कैद हुआ दर्दनाक का मंजरhttps://t.co/32K5DsuYqc#Lucknow @lkopolice
@Uppolice
@brajeshpathakup
@CMOfficeUP
@myogiadityanath
@Gyanmishra_
@JagranNews
@dainikjagranlko
@kannaujpolice pic.twitter.com/3WG9r77crH— Divyansh Rastogi (@DivyanshRJ) February 1, 2021
ঘটনাৰ প্ৰাথমিক অনুসন্ধান অনুসৰি দীৰ্ঘদিন ধৰি মাটি- বাৰীৰ বিবাদত অভ্য়স্ত হৈ পৰিছিল যুৱকজন। কোনো ধৰণৰ উপায় নাপাই অৱশেষত আত্মজাহৰ দৰে পথ বাচি লয় উমাশংকৰে।
উমাশংকৰে সোমবাৰে কনৌজৰ পৰা বাছেৰে লক্ষ্ণৌলৈ আহিছিল। ছাৰবাগ বাছষ্টেণ্ডৰ পৰা উমাশংকৰে খোজ কাঢ়ি লক্ষ্ণৌ বিধান ভৱনলৈ আহিছিল। বিধান ভৱনৰ সন্মুখত উপস্থিত হৈয়েই পকেটত লৈ অহা পে’ট্ৰল এবটল উলিয়াই গাত ঢালি অগ্নিসংযোগ কৰে।