নিউজ ডেস্ক- আঠ বছৰ পুৰণি গাড়ীৰ ওপৰত এইবাৰ চৰকাৰে গ্ৰীণ টেক্স বা সেউজ কৰ আৰোপ কৰিব। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই প্ৰস্তাৱত সেউজ সংকেত দিয়া হৈছে । ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হোৱাৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ে ইতিমধ্য়ে গ্ৰহণ কৰিছে প্ৰস্তাৱ। প্ৰস্তাৱটো এতিয়া দিহা-পৰামৰ্শৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পঠোৱা হ’ব।
ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। এইক্ষেত্ৰত আদায় কৰা ৰাজহ প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা হ’ব বুলি মন্ত্ৰণালয়ে জানিবলৈ দিছে।পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে এই চিন্তা-চৰ্চা কৰিছে পথ পৰিবহন মন্ত্ৰণালয়ে।
৫০%তকৈ অধিক টেক্স ভৰিব লাগিব অত্যাধিক প্ৰদূষিত চহৰৰ বাহনে। ১০ৰ পৰা ২৫ শতাংশলৈ দিব লাগিব পাৰে এই টেক্স। ব্যক্তিগত বাহনে ১৫ বছৰৰ পাছত দিব লাগিব এই গ্ৰীন টেক্স। চিটীবাছসমূহে কম পৰিমাণে ভৰিব লাগিব এই গ্ৰীন টেক্স। কৃষিৰ বাবে ব্যৱহাৰ হোৱা ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ইত্যাদিক এই আইনৰ বাহিৰত ৰখা হৈছে।
কি ইন্ধন আৰু কি গাড়ী ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব। ইলেকট্ৰনিক কাৰ, হাইব্ৰীড তথা বিকল্প ইন্ধন ব্যৱহাৰ কৰিলে এইক্ষেত্ৰত ৰেহাই পোৱা যাব।