তেজপুৰ– বৃহস্পতিবাৰে তেজপুৰৰ জাৰ্নেলিষ্ট ইউনিয়নে কেঞ্চাৰ ৰোগ সম্পৰ্কীয় এখনি সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত উপস্থিত থাকে গুৱাহাটীৰ নাৰায়ণা চুপৰস্পেচিয়েলিটি হস্পিতালৰ কেঞ্চাৰ ৰোগ বিশেষজ্ঞ নৰেশ যাদৱৰ লগতে কে’বাগৰাকীও চিকিৎসক।
গুটখাত থকা চূণ আৰু জৰ্দাৰ ফলতে কেঞ্চাৰ ৰোগৰ হয় বুলি তথ্য দাঙি ধৰিছে বিশিষ্ট কেঞ্চাৰ ৰোগ বিশেষজ্ঞ নৰেশ যাদৱে। তেখেতে কয়, ‘অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেঞ্চাৰ ৰোগৰ পৰিমাণ বৃদ্ধি পোৱাৰ মুল কাৰণ হৈছে গুটখা সেৱন। গুটখা আৰু নিচাযুক্ত সামগ্ৰী সেৱনৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৬০ শতাংশ লোক কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়।’
তেওঁ লগতে কয় ‘অসমত বংশানুক্ৰমিক কেঞ্চাৰ পৰিমাণ সামান্য হয় বুলি উল্লেখ কৰে। কেঞ্চাৰ ৰোগীসকল ক’ভিদ আক্ৰমণ হোৱাৰ কাৰণ হ’ল কেঞ্চাৰ ৰোগীসকল ৰোগ প্ৰতিৰোধক ক্ষমতা কম হোৱাৰ বাবে।’
উল্লেখযোগ্য যে নাৰায়ণা স্পেচিয়েলিটি কেঞ্চাৰ ৰোগ বিশেষজ্ঞ নৰেশ যাদৱ প্ৰতিমাহৰ দুটাদিনত তেজপুৰৰ বি কে মেমৰিয়েল চিকিৎসালয়ৰ জৰিয়তে চিকিৎসাসেৱা আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে ।