নিউজ ডেস্ক– ৬দিনৰ মূৰত সুস্থ হৈ ঘৰলৈ উভতিল বিচিচিআইৰ অধ্য়ক্ষ তথা প্ৰাক্তণ ক্ৰিকেটাৰ সৌৰভ গাংগুলী। হৃদৰোগত আক্ৰান্ত হোৱা সৌৰভক কলকাতাৰ উদলেণ্ড হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। ঘৰলৈ উভতিয়েই ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ শৈশৱৰ বন্ধু জয়দ্বীপক উল্লেখ কৰি ছ’চিয়েল এটা আৱেগ ভৰা প’ষ্ট লিখে।

গাংগুলীয়ে লিখে, ‘জয়দ্বীপ তুমি এই ৫দিন মোৰ বাবে যি কৰিলা মই মোৰ জীৱনত তোমাক কেতিয়াওঁ পাহৰিব নোৱাৰো। ৪০ বছৰ ধৰি মই তোমাক জানো। এতিয়া তুমি মোৰ পৰিয়ালৰ সদস্যতকৈ কোনো গুণে কম নহয়। ‘

বৰ্তমান সম্পূৰ্ণ সুস্থ ভাৰতৰ প্ৰাক্তণ ক্ৰিকেটাৰ সৌৰভ গাংগুলী। হৃদৰোগত আক্ৰান্ত হোৱা সৌৰভ গাংগুলীক শনিবাৰে হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply