নিউজ ডেস্ক– ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ প্ৰতিবেদন মতে, চীনৰ আন্তর্জাতিক হোটেল আৰু কিছু কূটনৈতিক প্ৰতিষ্ঠানত বিবিচি সম্প্রচাৰিত হৈ আছে যদিও চীনৰ সাধাৰণ মানুহে বিবিচি প্ৰত্যক্ষ কৰিব পৰা নাই।
উল্লেখ্য, ক’ৰোনা ভাইৰাছ আৰু উইঘু কাণ্ডক লৈ বিবিচিৰ প্ৰতিবেদনক লৈ ক্ষুণ্ণ হৈ আছিল চীন। কালি বিবিচিৰ ক্ষেত্ৰত চীনে নিষেধাজ্ঞা জাৰি কৰাৰ এসপ্তাহ আগেয়ে ব্ৰিটেইনে বেআইনী ঘোষণা কৰি চীনা গ্লোবেল টেলিভিছন নেটৱৰ্কৰ (সিজিটিএন) লাইসেন্স বাতিল কৰিছিল।
ইয়াৰ প্ৰতিশোধ হিচাবেই ব্ৰিটেইন চৰকাৰে চীনা নিউজ চেনেলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা বাবে চীনে একেই ব্যৱস্থা গ্ৰহণ কৰিছে বিবিচিৰ ক্ষেত্ৰত।