নিউজ ডেস্ক– ভাৰতৰ পিছত এইবাৰ আঠটা চীনা ম’বাইল এপ নিষিদ্ধ কৰিলে আমেৰিকাই। অলি পে, উইচাট পে সহ আঠটা চীনা এপ বন্ধ কৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।
ট্ৰাম্পৰ এই নিৰ্দেশনাত কোৱা হৈছে যে এই এপ সমূহৰ জৰিয়তে চীনে আমেৰিকাৰ গুৰুত্বপূৰ্ণ তথ্য় সংগ্ৰহ কৰিব পাৰে।এই নিৰ্দেশনাটো বিগত ৪৫দিনৰ ভিতৰত কাৰ্যকৰী কৰাৰ নিৰ্দেশনা জাৰি কৰে ট্ৰাম্পে। যিহেতু জ’ বাইডেনে কিছু দিন পিছতে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’ব।
ইয়াৰ পূৰ্বে আমেৰিকাত ‘টিকটক’ বন্ধ কৰাৰ নিৰ্দেশ দিছিল ডনাল্ড ট্ৰাম্পে। সম্পতি আমেৰিকাত অলি পে, উইচাট পে, কেমস্কেনাৰ, কিউকিউ ৱালেট, শ্বেয়াৰইট, টেনশ্বেন্ট কিউ কিউ, ভি মেট, ডব্লিউ পি এছ অফিচ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।
উল্লেখ্য় যে এই এপসমূহ আমেৰিকাত প্ৰায় এক কোটি লোকে ব্য়ৱহাৰ কৰিছে।