নিউজ ডেস্ক– টুইটাৰক লৈ কঠোৰ হৈছে কেন্দ্ৰ চৰকাৰ। ”ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব” বুলি সংসদত উত্থাপন কৰে কেন্দ্ৰীয় তথ্য় প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰে।
উল্লেখ্য় যে কৃষক আন্দোলন সংক্ৰান্তত য়ুজাৰে টুইটাৰ যোগেদি ভুৱা তথ্য বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰই ২৫৭ টা একাউন্ট বন্ধ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে টুইটাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শীতল বিবাদ আৰম্ভ হয়।
ফেব্ৰুৱাৰিৰ আৰম্ভণিতে কেন্দ্ৰই মুঠ ১ হাজাৰ ১৭৮ টা টুইটাৰ একাউন্ট বন্ধ কৰিবলৈ টুইটাৰক নিৰ্দেশ দিছিল। কেন্দ্ৰৰ মতে এই একাউন্টসমূহে কৃষক আন্দোলন সম্পৰ্কে ভুৱা তথ্য বিয়পাই আহিছে।
ইতিমধ্যে টুইটাৰৰ নিয়ম ভংগ কৰাৰ বাবে ৫০০ টা একাউণ্ট ভাৰতত বন্ধ কৰা হৈছে বুলি বুধবাৰে পুৱাই টুইটাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছিল।
বৃহস্পতিবাৰে সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাই যে টুইটাৰে দুয়োপক্ষই ৰাখিব লাগিব। যদি ফেচবুক, টুইটাৰ, হোৱাটছএপৰ অপব্যৱহাৰ কৰা হয়, কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।
সংসদত কেইবাটাও প্ৰশ্নৰ উত্তৰ দি ৰবি শংকৰে কয়, “টুইটাৰে ভাৰতত ব্যৱসায় কৰি কোটি কোটি টকা লাভ কৰিছে। গতিকে ভাৰতৰ সংবিধান মানি চলিব লাগিব।”
লগতে ৰবি শংকৰ প্ৰসাদে লাল কিল্লাৰ ঘটনাটো আমেৰিকাযুক্ত কেপিটেলহিলৰ ঘটনাৰ সৈতে তুলনা কৰি কয়, “আমেৰিকাৰ কেপিটেল হিলত কেতিয়া হিংসা সংঘটিত হৈছিল তাৰ তদন্তত টুইটাৰ আৰক্ষীৰ কাষত থিয় হৈছিল। কিন্তু যেতিয়া লালকিল্লাৰ ঘটনাটো ঘটিল চৰকাৰৰ বিৰুদ্ধে বিভিন্ন টুইট কৰা আৰম্ভ হৈ গ’ল তেতিয়া টুইটাৰে কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ নকৰিলে। ”
২৬জানুৱাৰীত লালকিল্লাত সংঘটিত ঘটনা সন্দৰ্ভত সকলোৱে ছ’চিয়েল মিডিয়াকে দোষাৰোপ কৰিছে। বুধবাৰে টুইটাৰৰ সৈতে হোৱা এক বৈঠকত কেন্দ্ৰই ভাৰতৰ মুঠ ১১৭৮ টা টুইটাৰ একাউণ্ট ভাৰতত নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে। পিছে কেন্দ্ৰৰ এই প্ৰস্তাৱক সংবিধান বিৰোধী আখ্য়া দিছে টুইটাৰে।