নিউজ ডেস্ক– বেডমিন্টন ষ্টাৰ ছাইনা নেহৱাল কৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। থাইলেন্ড অ’পেনত অংশ ল’বলৈ বেংককলৈ যাওঁতে খেলখনৰ পূৰ্বে কৰা কভিড পৰীক্ষাত ছাইনা নেহৱাল দেহত কৰোণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। ছাইনাৰ লগতে আন এগৰাকী খেলুৱৈ এইছ এছ প্ৰণয়ৰ দেহতো কভিড ভাইৰাছৰ সংক্ৰমণ পোৱা গৈছে।
সোমবাৰে খেলুৱৈগৰাকীয়ে কভিড পৰীক্ষা কৰোৱা এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোৰ লগতে খেলুৱৈ গৰাকীয়ে লিখে, ”বেংককত তৃতীয়টো কভিড টেষ্ট। কাইলৈ পৰা টুৰ্ণামেন্ট আৰম্ভ হ’ব।”
3rd COVID test here in bangkok … The tournament starts tomorrow #bangkok #Thailandopen #tournament #badminton pic.twitter.com/Lc5c7YZkQa
— Saina Nehwal (@NSaina) January 11, 2021
পিছে খেলত অংশগ্ৰহণ কৰাৰ পূৰ্বেই খেলুৱৈ গৰাকীৰ কভিড টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহে। উল্লেখ্য় যে কিছু সপ্তাহ পূৰ্বে ছাইনা নেহৱাল আৰু তেওঁৰ স্বামী পাৰুপল্লী কাশ্য়পো কৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।
Thailand open 2021 ✅.. #badminton #tournament #Bangkok #impactarena @YonexInd pic.twitter.com/OuCvPhDSn8
— Saina Nehwal (@NSaina) January 10, 2021
বৰ্তমান খেলুৱৈগৰাকীক কোৱাৰেন্টাইনৰ বাবে হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য় যে মঙলবাৰৰ পৰা আৰম্ভ হৈছিল থাইলেণ্ড অপেন টুৰ্ণামেন্ট। এই বেডমিন্টন টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব বাবে ছাইনা নেহৱাল গৈছিল থাইলেণ্ডলৈ। কিন্তু টুৰ্ণামেন্টখনত অংশগ্ৰহণ কৰাৰ পূৰ্বে কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাত তেওঁ ইমানতে খেল সমাপ্ত কৰিব লগা হয়।