ছুপাৰষ্টাৰ ৰজনীকান্ত অসুস্থ

নিউজ ডেস্ক– দাক্ষিণাত্য়ৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্ত অসুস্থ। উচ্চ ৰক্তচাপৰ সমস্যাৰ বাবে হঠাৎ অসুস্থ হৈ পৰিল ছুপাৰষ্টাৰ ৰজনীকান্ত। অভিনেতা গৰাকীক হাইদৰাবাদৰ এপল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

হাইদৰাবাদত অভিনেতাগৰাকীয়ে ‘অন্নাথে’ নামৰ এখন চিনেমাৰ ছুটিঙৰ কামত ব্যস্ত হৈ আছিল। ছবিখনৰ ৪জন লোক কৰ’ণা পজিটিভ হোৱাৰ বাবে ছুটিঙৰ কাম বন্ধ কৰি দিয়া হয়।

তাৰ পাছতেই কোৱাৰেন্টাইনত আছিল অভিনেতাজন। এপ’ল হাস্পতাল কৰ্তৃপক্ষই জনাই যে ৰজনীকান্তক ক’ভিড পৰীক্ষা কৰা হৈছিল। মঙলবাৰে কভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহে অভিনেতাগৰাকীৰ। কিন্তু হঠাৎ উচ্চ ৰক্তচাপ বৃদ্ধি হৈ অসুস্থ হৈ পৰে অভিনেতাগৰাকী। বৰ্তমান এ’পল হাস্পতালৰ চিকিৎসকৰ এটা দলে পৰ্যবেক্ষণ কৰি আছে অভিনেতাগৰাকীক। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহিলেই হাস্পতালৰ পৰা অভিনেতাগৰাকীক ডিচাৰ্জ কৰা হ’ব বুলি চিকিৎসকে জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply