WhatsApp ৰ বিৰুদ্ধে সৰৱ ভাৰতৰ উচ্চতম ন্যায়ালয় Credit: প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক- উচ্চতম ন্যায়ালয়ে সোমবাৰে হোৱাটছএপৰ নতুন গোপনীয়তা নীতিৰ সন্দৰ্ভত হোৱাটছ এপলৈ জাননী প্ৰেৰণ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে হোৱাটছ এপৰ নতুন প্ৰাইভেচি পলিচি মানি ল’লে ব্যৱহাৰকাৰী সকলে নিজৰ গোপনীয়তা হেৰুৱাই পেলাব, তেওঁলোকক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য়।

হোৱাটছএপৰ নতুন প্ৰাইভেচি পলিচি মানি লোৱাৰ ফলত ব্যৱহাৰকাৰীৰ সকলো ব্যক্তিগত তথ্য গুগল চাৰ্ছত সহজে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। যিকোনো ব্যৱহাৰকাৰীৰে হোৱাটছএপৰ মেছেজ ফেচবুকত শ্বেয়াৰ হোৱাৰ আশংকা কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববড়েই হোৱাটছএপক কঠোৰ ভাবে সকিয়াই দি কয় যে ” টকা-পইচাতকৈ গোপনীয়তা বেছি গুৰুত্বপূৰ্ণ ”। মানুহৰ গোপনীয়তাৰ প্ৰসংগত সেয়ে ন্যায়ালয়ে মাত মাতিবলৈ বাধ্য বুলি তেওঁ কয়।

হোৱাটছএপ কৰ্তৃপক্ষৰ নতুন প্ৰাইভেচি পলিচিৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰতিবাদ হোৱাৰ পিছত সংস্থাটোৱে অহা মে’ মাহলৈ নতুন প্ৰাইভেচি পলিচি কাৰ্যকৰী নকৰে বুলি ঘোষণা কৰিছে।

হোৱাটছএপৰ নতুন প্ৰাইভেচি পলিচিৰ বিৰুদ্ধে দেশৰে এগৰাকী সমাজকৰ্মীয়ে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন সন্দৰ্ভত সোমবাৰে ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply