ট্ৰেক্টৰ ৰেলী উলিয়াই কৃষকৰ গণতন্ত্ৰ দিৱস উদযাপনৰ লগতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

দিল্লী – ট্ৰেক্টৰ ৰেলী উলিয়াই কৃষকৰ গণতন্ত্ৰ দিৱস উদযাপন। গণতন্ত্ৰ দিৱস উদযাপনৰ লগতে কৃষকৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত লাখ লাখ ট্ৰেক্টৰ লৈ উলিয়া আহিল দেশৰ কৃষক। চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ সকলো বাধা নেওচি কৃষকে সাব্যস্ত কৰিলে প্ৰতিবাদ।

সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস লৈ উখল মাখল পৰিৱেশ। এফালে দেশবাসীয়ে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে গণতন্ত্ৰ দিৱস উদযাপন কৰিছে আৰু আনফালে দিল্লীত দেশৰ কৃষকে উলিয়াইছে বিশাল ট্ৰেক্টৰ ৰেলী। দেশৰ কৃষক সকলে গণতন্ত্ৰ দিৱসৰ দিনা বিশাল ট্রেক্টৰ ৰেলী উলিয়াই গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ লগতে সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ।

কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিগত দুমাহ ধৰি দেশৰ কৃষক সকলে প্ৰচণ্ড শীতকো নেওচি দিল্লীত অব্যাহত ৰাখিছে প্ৰতিবাদ। তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষক সমাজৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত ইয়াৰ সমাধনা বিচাৰি কেইবাটাও বৈঠক অনুষ্ঠিত হৈছে যদিও প্ৰতিটো বৈঠক বিফল হোৱাত কৃষক সকলে গণতন্ত্ৰ দিৱসৰ দিনাই এক বৃহৎ ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে কৃষি আইনৰ বিৰোধিতাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰথম অৱস্থাত চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা কৃষক সকলক ট্ৰেক্টৰ ৰেলীৰ অনুমতি প্ৰদনা কৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰ অনুমতি লাভ কৰে। ৭২ সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনা পুৱাৰ ভাগত কৃষক সকলে বৃহৎ ট্ৰেক্টৰ ৰেলী উলিয়াই তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীত গণৰাজ্য দিৱসৰ উদযাপনস্থলীৰ পৰা কিছু দূৰত্বত প্ৰশাসনৰ অনুমতি অনুসৰি কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীৰ সিংহু সীমান্তত প্ৰতিবাদী কৃষকসকলে আৰক্ষীৰ বেৰিকেড ভঙা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply