নিউজ ডেস্ক– এতিয়াৰে পৰা গুজৰাটত ‘ড্ৰেগন ফল’ নহয় এই ফলবিধক জনা যাব ‘কমলাম’ হিচাপে। মঙলবাৰে এই ফলবিধৰ নাম সলনি কৰে দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে। এই ফলবিধ দেখিবলৈ পদুম ফুলৰ দৰে সেইবাবে ইয়াৰ নাম সলনি কৰি কমলম কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এই ফলবিধ চীনৰ সৈতে জড়িত হৈ আছে সেই কাৰণে এই ফলবিধৰ নাম সলনি কৰা হৈছে। সংস্কৃত ভাষাত ‘কমলাম’ শব্দৰ অৰ্থ পদুম ফুল। ফলবিধৰ নাম সলনি কৰাৰ আৰত কোনো ধৰণৰ ৰাজনৈতিক কাৰণ নাই বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে কয় ‘কমলম’ শব্দটোলৈ কোনোৱেও চিন্তা কৰাৰ কোনো কাৰণ নাই। গান্ধীনগৰতস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়টোৰ নাম ‘শ্ৰী কমলম’।
গুজৰাটৰ কচ্চত প্ৰায় ১৫০ গৰাকী কৃষকে এই ফলৰ খেতি কৰে। কচ্চত ড্ৰেগন ফল ২৭৫ একৰ ভূমিত কৰা হয়।
এইফল বিধ অধিক উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।