নিউজ ডেস্ক– পুনৰ কৰোণা ভাইৰাছৰ সংক্ৰমণৰ দিশে দেশৰ ৰাজধানী চহৰ দিল্লী। তীব্ৰগতিত সংক্ৰমণ হ’ব ধৰিছে কভিড-১৯। দিল্লীৰ বজাৰসমূহ হৈ পৰিছে কভিড-১৯ৰ হটস্পট। সেয়েহে দিল্লীৰ বজাৰসমূহত তলাবন্ধ কৰিবলৈ কেন্দ্ৰচৰকাৰৰ পৰা অনুমতি বিচাৰিলে দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
উৎসৱৰ সময়ত বজাৰসমূহত হোৱা ভিৰৰ বাবেই কৰোণাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰে কেজৰিৱালে। এই সংক্ৰমণ হ্ৰাস কৰিবলৈ কিছু দিন বজাৰসমূহ বন্ধ ৰাখিব লাগিব বুলি উল্লেখ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে।
কিন্তু সোমবাৰে দিল্লীৰ স্বাস্থ্য়মন্ত্ৰী সত্যেন্দ্ৰ জৈনে সংবাদমাধ্য়মৰ আগত দিল্লীত পুনৰ তলাবন্ধ দিয়া নহ’ব বুলি উল্লেখ কৰে। লগতে তেওঁ কৰোণা সংক্ৰমণৰ সন্দৰ্ভত কয় হস্পিতালত কাম কৰা স্বাস্থ্য় কৰ্মী সকলৰ ক্ষেত্ৰত এইবাৰ কৰোণা সংক্ৰমণ খুব কম হোৱা দেখা গৈছে কাৰণ তেওঁলোকে সচেতনতা অৱলম্বন কৰিছে। গতিকে কৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ তলাবন্ধ নহয় সচেতনতা অৱলম্বন কৰিব লাগিব।
স্বাস্থ্য়মন্ত্ৰীৰ মন্তব্য়ৰ পাছতেই কেন্দ্ৰীয় গৃহ সচিব, দিল্লীৰ মুখ্য় সচিব,বিশেষজ্ঞ সমিতিৰ সদস্য়ৰ সৈতে মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন বৈঠকত মিলিত হয়। বৈঠকত বিশেষজ্ঞ সমিতিৰ সদস্য়সকলে দিল্লীত কৰোণাৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱা দিশটো চালি জাৰি আলোচনা কৰে।
এইদৰেই থাকিলে আগন্তুক দিনত কৰোণাই ৰাজধানী চহৰখনত সংহাৰী ৰূপ ধাৰণ কৰিব। বিশেষজ্ঞ সমিতিৰ সৈতে হোৱা বৈঠকৰ পাছতে দিল্লী চৰকাৰে দিল্লীৰ বজাৰসমূহত তলাবন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰবাবে কেন্দ্ৰচৰকাৰলৈ সাধাৰণ প্ৰস্তাৱ প্ৰেৰণ কৰে।
লগতে দিল্লীত বিবাহ অনুষ্ঠান সমূহত উপস্থিত থকা অতিথিৰ সংখ্য় ২০০ জনৰ পৰিৱৰ্তে ৫০ জনলৈ হ্ৰাস কৰিবলৈ চৰকাৰলৈ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰস্তাৱ প্ৰেৰণ কৰে।