আই পি এছ এন অম্বিকা

নিউজ ডেস্ক– জীৱনত ধৈৰ্য আৰু একাগ্ৰতা থাকিলে মানুহে কঠিনতম পথো সহজতে আগুৱাব পাৰে। তাৰে এক উদাহৰণ তামিলনাডুৰ এন.অম্বিকা। জীৱনৰ কাইটীয়া পথ আঁতৰাই ঘাট- প্ৰতিঘাটৰ মাজেৰে বহু কষ্টৰ ফলত তামিলনাডুৰ এন.অম্বিকা হৈ পৰিল আই পি এছ বিষয়া।

মাত্ৰ ১৪ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হৈছিল এন.অম্বিকা। ১৮ বছৰ বয়সৰলৈকে ২টাকৈ সন্তানৰ মাতৃয়ো হৈছিল। স্বামী আছিল আৰক্ষী কনিষ্টবল। স্বামীৰ সৈতে এবাৰ গণতন্ত্ৰ দিৱসৰ পেৰেড চাবলৈ যাওঁতে সেই অনুষ্ঠানত স্বামীয়ে উচ্চ পদস্থ বিষয়াক চেল্যুট মৰা দেখাৰ পৰাই অম্বিকাৰ মনত বাসনা জাগে এগৰাকী আই পি এছ বিষয়া হোৱাৰ।

পিছে অম্বিকাই ইতিমধ্যে স্কুল এৰি পৰিয়াল চম্ভলাত লাগিছিল। দশম শ্ৰেণীয়ো উত্তীৰ্ণ হোৱা নাছিল অম্বিকা। কিন্তু অম্বিকাই মনত পৰীক্ষাত বহাৰ সংকল্প লয়। সেই কাৰণে এটা ব্যক্তিগত কোচিঙৰ পৰা দশম পৰীক্ষাত অৱতীর্ণ হয়।

তাৰ পিছত দূৰ শিক্ষাৰ জৰিয়তে স্নাতক ডিগ্ৰী লাভ কৰে অম্বিকাই। ইয়াৰ পিছত চেন্নাইলৈ গৈ চিভিল ছার্ভিচ পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ লয়। এইক্ষেত্ৰত স্বামীয়েও তেওঁক সম্পূর্ণ সহযোগ কৰে। কিয়নো পত্নীয়ে চেন্নাইত থকা সময়ছোৱাত স্বামীয়ে চাকৰিৰ লগতে নিজৰ দুই সন্তানক চম্ভালিব লগা হয়।

কিন্তু অম্বিকাৰ বাবে এই সকলোবোৰ ইমান সহজ নাছিল। ইমানখিনি কষ্ট কৰিও অম্বিকাই তিনিবাৰকৈ পৰীক্ষাত সফল হ’ব নোৱাৰি হতাশ হৈ পৰিছিল। ‘বিফলতাই সফলতাৰ চাবি-কাঠি’ কথাষাৰ সাৰোগত কৰি অম্বিকাই পুনৰ পৰীক্ষাত অৱতীর্ণ হয়।

অৱশেষত অম্বিকাৰ সপোন পূৰণ হ’ল। ২০০৮ চনত চিভিল ছার্ভিচ পৰীক্ষাত উত্তীর্ণ হৈ আই পি এছ বিষয়া হয় অম্বিকা।

বর্তমান অম্বিকা মুম্বাইৰ জ’ন-৪ৰ ডিচিপি। মুম্বাইৰ ‘লেডী সিংঘম’ হিচাপে সকলোৰে জনাজাত এন. অম্বিকা।

আই পি এছ অম্বিকাৰ এই জীৱন যাত্ৰা বহুজনৰ বাবে এতিয়া প্ৰেৰণাৰ উৎস।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply