নিউজ ডেস্ক– দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ৰাম চৰণ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। কৰোণাত আক্ৰান্ত হোৱাৰ কথা অভিনেতাজনে নিজেই ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে। তেখেতৰ শৰীৰত কৰোণাৰ কোনো লক্ষণ দেখা দিয়া নাছিল বুলি অভিনেতাগৰাকীয়ে উল্লেখ কৰে। চিকিৎসকৰ পৰামৰ্শ মতে নিজ বাসভৱনতে কোৱাৰেণ্টাইনত আছে অভিনেতাগৰাকী।
Request all that have been around me in the past couple of days to get tested.
More updates on my recovery soon. pic.twitter.com/lkZ86Z8lTF— Ram Charan (@AlwaysRamCharan) December 29, 2020
টুইটাৰত অভিনেতা গৰাকীয়ে লিখে, ”মোৰ কৰোণা টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহিছে। মোৰ শৰীৰত কৰোণাৰ কোনো লক্ষণো দেখা দিয়া নাছিল। ঘৰতে মই কোৱাৰেন্টাইনত আছো। আশা কৰো অতি সোণকালেই মই সুস্থ হৈ উঠিম আৰু শক্তিশালী ৰূপে আত্ম প্ৰকাশ কৰিম।”
লগতে অভিনেতা ৰাম চৰণে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ৰ’নাৰ টেষ্ট কৰিবলৈও অনুৰোধ জনায়। উল্লেখ্য় যে নৱেম্বৰৰ প্ৰথম সপ্তাহত ৰাম চৰণৰ পিতৃ চিৰঞ্জীৱীয়ো কৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল। কিছুদিন পূৰ্বেই তৃতীয় বাৰৰ বাবে কৰা পৰীক্ষাত তেখেতৰ ৰিপোৰ্ট নিগেটিভ আহিছে।