অভিনেতা সুৰিয়া কভিড-১৯ত আক্ৰান্ত

নিউজ ডেস্ক– দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা সুৰিয়া কভিড-১৯ত আক্ৰান্ত হৈছে।
৪৫ বছৰীয়া অভিনেতাজনে দেওবাৰে টুইটাৰযোগে অনুগামীসকলক এই কথা ব্যক্ত কৰে। অভিনেতাজনে কভিডৰ প্ৰতি সতৰ্ক হ’বলৈ তেওঁৰ অনুৰাগীসকলক আহ্বান জনাইছে।

“মোৰ কভিড-১৯ৰ চিকিৎসা চলি আছে আৰু মই কিছু আৰোগ্য হৈছো। আমাৰ জীৱন এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। সেই ভয়ত আমি কাম কৰা বন্ধ কৰিও দিব নোৱাৰো। আমি এতিয়াও সাৱধান আৰু সুৰক্ষিত হৈ থকাৰ দৰকাৰ।”

লগতে সুৰিয়াই লিখিছে, “মোক অহৰ্নিশে সেৱা আগবঢ়াই থকা চিকিৎসক আৰু স্বাস্থ্য় কৰ্মচাৰীৰ প্ৰতি যথেষ্ট প্ৰেম আৰু কৃতজ্ঞতা।”

অভিনেতাজনৰ ঘনিষ্ঠ সহযোগী চলচ্চিত্ৰ নিৰ্মাতা ৰাজশেখৰ পাণ্ডিয়ানে তাৰকাজনৰ অনুৰাগীসকলক উদ্দেশ্যে টুইটাৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে।

তেওঁ লিখিছে, Dear brothers and sisters Anna’s fine and nothing to worry”

অভিনেতাজনক শেহতীয়াকৈ “সুৰাৰাই পট্ৰু”ত দেখা গৈছিল, যিখন আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply