দিল্লী– ভয়ংকৰ কূটাঘাট সংঘটিত কৰাৰ লক্ষ্যৰে দিল্লীত বাহৰ পাতি থকা দুই সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। মিলেনিয়াম পার্কৰ পৰা সোমবাৰে নিশা 10 বাজি 15 মিনিটত আটক কৰা হয় সন্ত্ৰাসবাদী দুটাক।
ধৃত সন্ত্ৰাসবাদী দুটা জম্মু-কাশ্মীৰৰ আব্দুল লতিফ মীৰ আৰু মহম্মদ আশ্রফ বুলি জানিবলৈ পৰা গৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা ২টা অৰ্ধ-স্বয়ংক্ৰিয় পিষ্টল আৰু ১০ টা সতেজ কাৰ্টিজ উদ্ধাৰ কৰে।
কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জৈইশ -ই -মহম্মদৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদী দুটা। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে দুই অপৰাধী। দিল্লী আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত চলাই আছে।