দিল্লী – দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ২২ টাকৈ গোচৰ ৰুজু। গোচৰত কেইবাগৰাকী কৃষক নেতাৰ নাম। গণৰাজ্য দিৱসৰ দিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ লগত জড়িত ব্যক্তি সকলক বিচাৰি আৰক্ষীৰ অভিযান। চি চি টিভি ফুটেজ নিৰীক্ষণ কৰিছে দিল্লী আৰক্ষীয়ে।
গণৰাজ্য দিৱসৰ দিনাই দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ তৎপৰ হৈ পৰিছে দিল্লী আৰক্ষী। ইতিমধ্যে ঘটনা সংক্ৰান্তত ২২ টাকৈ গোচৰ ৰুজু কৰা হৈছে। গোচৰত কেইবাগৰাকী কৃষক নেতাৰ নাম থকা বুলিও জানিব পৰা গৈছে। আনহাতে এই ঘটনাৰ আঁৰত কোনো ধৰণৰ ষড়যন্ত্ৰ আছিল নেকি এই সন্দৰ্ভতো গোচৰ ৰুজু কৰা হ’ব।
ইফালে মঙলাবাৰে ট্ৰেক্টৰ ৰেলীৰ সময়ছোৱাত লালকিল্লাত সৃষ্টি হোৱা পৰিস্থিতি পিছতে আৰক্ষীয়ে দ্ৰোণ কেমেৰাৰ জৰিয়তে লালকিল্লাৰ নিৰীক্ষণ কৰিব। দিল্লীৰ হিংসাত্মক ঘটনাৰ লগত জড়িত লোক সকলক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। চি চি টিভি ফুটেজ নিৰীক্ষণ কৰি আৰক্ষীয়ে হিংসাত্মক ঘটনাৰ লগত জড়িত ব্যক্তি সকলক বিচাৰি অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে গণৰাজ্য দিৱসৰ দিনাই কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলে এক ট্ৰেক্টৰ ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত কৃষক সকলৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। দিল্লীৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ ধাৰণ কৰাত ৮৬ গৰাকী আৰক্ষী আহত হোৱাৰ লগতে এগৰাকী ৩৪ বছৰীয়া কৃষকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী কৃষক অহাত হৈছে।