উদন্ড কৃষকে লন্ডভন্ড কৰা লালকিল্লাৰ টিকট ঘৰৰ ছবি

দিল্লী – দিল্লী আৰক্ষীয়ে ৰুজু কৰা গোচৰত আছে ৩৭ গৰাকী কৃষকৰ নাম। যোগেন্দ্ৰ যাদৱ আৰু ৰাকেশ টিকেতৰ নাম আছে দিল্লী আৰক্ষীৰ গোচৰত। ১৩ টাকৈ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে। অপৰাধীক ঘটনা, ডকাইতি, ডকাইতৰ সময়ত অস্ত্ৰৰ ব্যৱহাৰ, হত্যাৰ প্ৰচেষ্টা আদি গুৰুত্বৰ ধাৰাৰ অধীনত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ দিল্লী আৰক্ষী ইতিমধ্যে তৎপৰ হৈ পৰিছে। হিংসাত্মক ঘটনাৰ লগত জড়িত লোক সকলৰ সন্ধানত দিল্লী আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ লগতে দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে।

দিল্লী আৰক্ষীয়ে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ১৩টাকৈ ধাৰাৰ অধীনত মুঠ ৩৭ গৰাকী কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে অপৰাধীক ঘটনা সংঘটিত কৰা, ডকাইতি, ডকাইতৰ সময়ত অস্ত্ৰৰ ব্যৱহাৰ, হত্যাৰ প্ৰচেষ্টা আদি গুৰুত্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

দিল্লী আৰক্ষীয়ে ৩৭ গৰাকী কৃষকৰ বিৰুদ্ধে ৰুজু গোচৰত নাম আছে যোগেন্দ্ৰ যাদৱ আৰু কৃষক নেতা ৰাকেশ টিকেতৰ। উল্লেখ্য যে কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত ৩০০ ৰো অধিক আৰক্ষীৰ লোক আহত হৈছে। ঘটনাত কেইবাগৰাকী কৃষকো আহত হোৱাৰ লগতে নিহত হৈছে এজন কৃষক।

ইফালে বিগত দুমাহ ধৰি শান্তিপূৰ্ণভাৱে চলি থকা কৃষকৰ আন্দোলন গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলী কেনেকৈ হিংসাত্মক ৰূপ ধাৰণ কৰিলে ইয়াকলৈ এতিয়া এক বৃহৎ প্ৰশ্নৰ উত্থাপন হৈছে। ঘটনাত দ্বীপ সিন্ধু নামৰ এজন লোকৰ নামকলৈও ব্যাপক চৰ্চা চলি থকা পৰিলক্ষিত হৈছে।

কৃষক নেতৃত্বই দ্বীপ সিন্ধু কৃষক সকলক উচতাই থকাৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছানি দেউলৰ লগত থকা দ্বীপ সিন্ধুৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply