নিউজ ডেস্ক– ২৬/১১ মুম্বাই আক্ৰমণৰ দুধৰ্ষ সন্ত্ৰাসবাদী জাকি উৰ ৰহমান লাখভিক ১৫ বছৰ কাৰাদণ্ড বিহে পাকিস্তান আদালতে। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল জাকি উৰ ৰহমান লাখভি।

দীৰ্ঘদিনধৰি লাখভিয়ে ধন যোগান ধৰি সন্ত্ৰাসবাদীক সহায় কৰি আহিছিল।এই অপৰাধত শনিবাৰে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লাখভি-ই-তৈবাৰ অপাৰেচন কামাণ্ডাৰ জাকি-উৰ ৰহমান লাখভিক সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগে(CTD) পাকিস্তানত গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য় যে ২০০৮ চনৰ ২৬ নৱেম্বৰত জাকি উৰ ৰহমান লাখভিৰ নেতৃত্বত লস্কৰ- এ-তৈবাৰ ১০সদস্য়ই বোমা বৰ্ষনেৰে মুম্বাইত আক্ৰমণ কৰিছিল। এই আক্ৰমণত ১৬০জনৰো অধিক লোকৰ মৃত্য়ু হৈছিল আৰু ৩০০ৰো অধিক লোক আহত হৈছিল।
সেই অপৰাধৰে তিনিটা বেলেগ বেলেগ গোচৰত ১৫বছৰৰ কাৰাদণ্ডৰ লগতে প্ৰতিটো গোচৰত ১লাখ টকাকৈ জৰিমনাৰ বাবে ৰায় দিছে পাকিস্তান আদালতে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply