প্ৰথমবাৰৰ বাবে ফাঁচীৰ ৰায়দান দিয়া হৈছে এগৰাকী মহিলাক Credit: প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক- দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ফাঁচীৰ ৰায়দান দিয়া হৈছে এগৰাকী মহিলাক। জল্লাদ পৱনে সাজু কৰিছে মথুৰা কাৰাগাৰ। মহিলা গৰাকীৰ নাম শ্বৱনম। প্ৰেমিকৰ সৈতে মিলি এক নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল মহিলাগৰাকীয়ে। ঘটনাটো সংঘটিত হৈছিল ২০০৮ চনৰ ১৪-১৫ এপ্ৰিলত। উত্তৰ প্ৰদেশৰ হছনপুৰ অঞ্চলৰ বাৱনখড়ী গাঁৱৰ শ্বৱনমে প্ৰেমিক ছেলিমৰ সহযোগত পিতৃ-মাতৃ, ভ্ৰাতৃ- ভগ্নীৰ লগতে ভতিজাকক ডিঙি চেপি নৃশংসভাৱে হত্যা কৰিছিল।

শ্বৱনমে প্ৰেমিক চালিমৰ সৈতে চালিমৰ পৰিয়ালৰ লোকে বিবাহত বহিবলৈ বাধা দিয়াৰ বাবেই দুয়ো এই ঘটনা সংঘটিত কৰিছিল।

এই ঘটনাৰ গোচৰ আমৰোহা আদালতত দুবছৰ তিনি মাহ ধৰি চলিছিল। অৱশেষত, ২০১০ চনৰ ১৫ জুলাইত জিলা ন্যায়াধীশ এছ এ এ হুছেনীয়ে ফাঁচীৰ ৰায় প্ৰদান কৰিছিল।

খবৰ অনুসৰি চাঞ্চল্যকৰ এই হত্যাকাণ্ড ঘটনাৰ দুয়োজন দোষীৰ ভিতৰত শ্বৱনম আছিল অন্যতম। সেইবাবেই শ্বৱনমক দিয়া হয় ফাঁচীৰ ৰায়দান। অৱশ্যে বৰ্তমানলৈকে থিক হোৱা নাই ফাঁচীৰ দিন।

চেচন আদালতে সেই ঘটনাৰ লগত জড়িত দুয়োজনক দোষী ক্ৰমে ছেলিম আৰু শ্বৱনমক মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল। পৰৱৰ্তী সময়ত দুয়োজনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ২০১৫ চনত শীৰ্ষ আদালতই মৃত্যুৰ শাস্তি বৰ্তাই ৰাখে।

ভাৰতৰ একমাত্ৰ মহিলা ফাঁচী দিয়াৰ কক্ষৰ বিষয়ে বহুতো অজ্ঞ কিয়নো স্বাধীনতাৰ পিছত কোনো মহিলাকেই দিয়া হোৱা নাছিল ফাঁচীৰ ৰায়। এই কাৰাগাৰখন ১৮৭০ চনত মথুৰা কাৰাগাৰৰ ভিতৰত ব্ৰিটিছ শাসনৰ সময়ত নিৰ্মাণ কৰা হৈছিল আৰু সেই সময়তেই নিৰ্মাণ কৰা হৈছিল কোঠাটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply