নিউজ ডেস্ক- দেশত কোৰোনা ভেকচিন হ’ব সম্পূৰ্ণ বিনামূলীয়া। দেশজুৰি কৰোণা ভাইৰাছৰ ড্ৰাই ৰাণ চলি থকাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰী হৰ্ষবৰ্ধনে এই ঘোষণা কৰে। টিকাকৰণ অভিযানৰ প্ৰথম পৰ্যায়ত কৰোণাৰ ভেকচিন ৫১ লাখ লোকক প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত স্বাস্থ্য়কৰ্মী, ৫০বছৰ বয়সৰ ওপৰৰ লোক, পূৰ্বৰে পৰা স্বাস্থ্য়জনিত সমস্য়াত ভুগি থকা লোকক প্ৰদান কৰা হ’ব এই ভেকচিন।
ইয়াৰ পিছতে কৰোণা ভাইৰাছৰ ভেকচিন প্ৰদানৰ প্ৰথম পৰ্যায়ত ১কোটি স্বাস্থ্য়কৰ্মী, কভিড যুদ্ধত সন্মুখৰ পৰা যুঁজ দিয়া আৰক্ষী, সাংবাদিককে ধৰি ২ কোটি লোকক প্ৰদান কৰা হ’ব এই ভেকচিন।
In 1st phase of #COVID19Vaccination free #vaccine shall be provided across the nation to most prioritised beneficiaries that incl 1 crore healthcare & 2 crore frontline workers
Details of how further 27 cr priority beneficiaries are to be vaccinated until July are being finalised pic.twitter.com/K7NrzGrgk3— Dr Harsh Vardhan (@drharshvardhan) January 2, 2021
ইয়াৰ পিছতে অন্তিম পৰ্যায়ত জুলাই মাহৰ লৈকে ২৭ কোটি লোকক এই ভেকচিন প্ৰদান কৰা হ’ব।
উল্লেখ্য় যে ইতিমধ্য়ে সমগ্ৰ দেশৰ ১১৬ খন জিলাত কৰোণা ভাইৰাছৰ ড্ৰাই ৰাণ চলি আছে। ভেকচিনেশ্যনৰ পাছত এয়া হৈছে দেশৰ সবাতোকৈ বৃহত টেষ্ট। ড্ৰাই ৰাণ ৰআৰম্ভ হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে, দেশত কোৰোনা ভেকচিন হব সম্পূৰ্ণ বিনামূলীয়া।